
ৰঙিয়াঃ ৫০ বছৰৰ পিছত বিচাৰি পালে আপোন ঘৰ খনক৷ সুদীৰ্ঘ ৫০ বছৰ পাছত মিলন ঘটিল নিজ পৰিয়ালৰ সৈতে। ৰঙিয়াৰ এটা এন আৰ চি কেন্দ্ৰত প্ৰায় ৫০ বছৰৰ মূৰকত দুই ভাতৃ তথা পৰিয়ালৰ মাজত মিলন ঘটা দৃশ্যই সকলোৰে চকুলো ওলাই৷ ৰঙিয়া কৰৰা গড়ভিতৰ গাঁৱৰ প্ৰয়াত হাঁহিৰাম দাস আৰু প্ৰয়াত সুকন্তি বালা দাসৰ দুই পুত্ৰ গবিন দাস আৰু ভৱ দাসৰ মাজত প্ৰায় ৫০ বছৰে নাছিল কোনো চা-চিনাকী। এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ বাবে টংলাৰ পৰা বুধবাৰে আহি ৰঙিয়া পদুম কুৱৰী পঞ্চায়তত উপস্থিত হৈছিল ভৱ দাস বৰ্তমানৰ ভৱ ডেকা নামৰ লোকজন।
তাতে দুয়ো ভাতৃৰ চিনাকী হৈ দুয়ো কান্দোনত ভাগি পৰে। আনকি দুয়োটা পৰিয়ালৰ সকলো সদস্যই আৱেগিক হৈ পৰাৰ লগতে এন আৰ চি কেন্দ্ৰটোত কান্দোনত ৰোল উঠে৷ ঘটনাৰ বিষয়ে জানিব পৰা মতে, প্ৰয়াত হাঁহিৰাম দাস আৰু প্ৰয়াত সুকন্তি বালা দাসৰ দুই পুত্ৰৰ ভিতৰত সৰু পুত্ৰ ভৱ দাস বৰ্তমানৰ ভৱ ডেকাই ১০ বছৰ বয়সতে ঘৰ এৰি আঁতৰি গৈছিল। তেতিয়াৰ পৰা পিতৃ মাতৃ তথা ডাঙৰ ভাতৃ গবিন দাসৰ সৈতে সম্পৰ্ক নাছিল ভৱ ডেকাৰ। ভৱই এনেদৰে ঘৰৰ পৰা আঁতৰি টংলাত কাম-বন কৰি দিন পাৰ কৰাৰ লগতে বিয়া বাৰু কৰাই সংঘাৰ কৰে৷
বহু বছৰ ঘৰৰ পৰা এনেদৰে আঁতৰি থকাৰ পিছত আনকি এটা সময়ত নিজৰ ঘৰখনৰ পৰিচয় পাহৰি পেলাই ভৱ ডেকাই। নিজৰ লৰা ছোৱালী ডাঙৰ হোৱাৰ লগতে বৰ্তমান ৬০ বছৰত বয়সত ভৰি দিয়ে৷ ভৱই ঘৰ খনৰ কথা মনত পৰি প্ৰায় ৬ মাহ পূৰ্বে ৰেলেৰে ৰঙিয়ালৈ আহে৷ পিতৃ মাতৃ আৰু বৰ ভাতৃৰ পৰিচয় বিছাৰে যদিও পৰিচয় উদ্ধাৰ কৰিব নোৱাৰি পুনৰ টংলাৰ বালিপাৰাৰ নিজ গৃহ চমুৱাপাৰালৈ উভতি যায়।
কিন্তু এন আৰ চিৰ লিগেচি ডাটাত ৰঙিয়াৰ গবিন দাস আৰু ভৱ ডেকাৰ পিতৃৰ পৰিচয় একে হোৱাত ৰঙিয়াৰ পৰা বংশবৃক্ষ পৰীক্ষণৰ বাবে ভৱ ডেকাৰ লগতে ৰঙিয়া কৰৰা গড়ভিতৰ গাঁৱৰ গবিন দাসলৈ জাননী প্ৰেৰণ কৰে৷ অৰ্থাত ২৮ ফেব্ৰুৱাৰীত ৰঙিয়া পদুম কুৱৰী পঞ্চায়তৰ এন আৰ চি কেন্দ্ৰত উপস্থিত হবলৈ কোৱা হয়। সেই মতে দুয়োটা পৰিয়ালে উক্ত পঞ্চায়তটোত উপস্থিত হৈ দুয়োজনে নিজৰ ভাতৃৰ পৰিচয় লাভ কৰি কান্দোনত ভাগি পৰে। ইফালে পিতৃ মাতৃৰ মৃত্যুৰ খবৰ আনফালে ভাতৃৰ লগত চিনাকী হৈ পৰিয়ালৰ সদস্যসকলে আনন্দৰ চকুলো টুকে৷