কেৰালাত নিৰুদ্দেশ অসমৰ যুৱক, অসম আৰক্ষীয়ে দিয়া নাই গুৰুত্ব

ধিংঃ অভিশাপ স্বৰূপ দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰাৰ স্বাৰ্থত বহিঃৰাজ্যত কাম কৰিবলৈ গৈ অসমৰ এগৰাকী যুৱক ১৫ দিনে নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাওঁ-মৰিগাওঁ সীমান্তৰ মিকিৰভেটাৰ গা-খজুৱা গাঁৱত।

দৰিদ্ৰ পৰিয়ালৰ যুৱক মন্টু বৰদলৈয়ে ঘৰত পত্নী কাবেৰী বৰদলৈ আৰু দুই কন্যা সন্তান প্ৰীতি আৰু ৰাজশ্ৰীক এৰি বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হয়। 

বিগত পোন্ধৰ দিনৰ পূৰ্বে ঘৰখনৰ পৰাই ওলাই গৈছিল ঘৰৰ ওচৰৰ এজন বন্ধুৰ সৈতে মন্টু। সকলো থিকেই আছিল  কিন্তু কেৰেলালৈ গৈ থকা অৱস্থাতে হঠাৎ মন্টু বৰদলৈ ঘৰলৈ এটা খবৰ আহিল যে মন্টু বৰদলৈ তামিলনাডুৰ চেন্নাই ৰেল ষ্টেচনত বন্ধু ললীত বৰদলৈ সৈতে চাহ খাবলৈ ৰেলৰ পৰা নামাৰ পিছতেই সন্ধানহীন হয়। সেই খবৰটো পাই এতিয়া পত্নী, সন্তান আৰু মন্টু বৰদলৈৰ পিতৃ মাতৃ চিন্তাত ভাগি পৰিছে।

এতিয়া উপায়হীন পৰিয়ালটো মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বৰিবজাৰ আৰক্ষী চকীৰ কাষ চাপিছে যদিও কোনো ধৰণৰ সহায় পোৱা নাই আৰক্ষীৰ পৰা। বৰ্তমান ছোৱালী দুজনীক লৈ সন্ধানহীন স্বামীক ক’ত কেনেদৰে বিচাৰি যাব তাক লৈ এতিয়া দুঃচিন্তাত পৰিছে পত্নী কাবেৰী।

অসহায় পৰিয়ালটোৱে প্ৰশাসনৰ সহায় বিছাৰিছে। পত্নী কাবেৰী বৰদলৈয়ে সকলোকে অনুৰোধ জনাইছে কোনো ব্যক্তিয়ে যদি তেওঁৰ স্বামীৰ কোনো সম্ভেদ পাই আৰক্ষী নতুবা ৯৫৭৭৩৭৫৭৪৭  ফোন নম্বৰত খবৰ দিবলৈ।