
কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে যোৱা ২৬ অক্টোবৰত কোকৰাঝাৰ জিলাৰ ছালাকাটি ৰেল ষ্টেছনত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ লওঁতেই আৰক্ষী- নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাৰ ওপৰত জপিয়াই পৰি বৰ্বৰ আচৰন কৰাত ক্ষোভিত হৈ পৰিছে সংগঠনটোৱে৷ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ছাত্ৰসংগঠনটোৱে পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষনা কৰিছে৷
ছাত্ৰ সংগঠনটোৱে অহা ১ নৱেম্বৰত ২৪ ঘণ্টীয়া বিটিএডি বন্ধ, ৬ নৱেম্বৰত ৮ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ১৪ নৱেম্বৰত বিটিচিৰ চাৰিখন জিলাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু ২০ নৱেম্বৰত ৮ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰে৷
শনিবাৰে এক বিবৃতিযোগে এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰন সম্পাদক মইনুদ্দিন আলীয়ে ছাত্ৰ সংগঠনটোৱে গ্ৰহন কৰা উল্লিখিত কাৰ্যসূচীৰ বিষয়ে সদৰী কৰাৰ লগতে কাৰ্যসূচী সমূহ সফল কৰিবলৈ ছাত্ৰ সংগঠনটোৰ সকলো জিলা, আঞ্চলিক আৰু শাখা সমিতিক সহায় সহযোগিতা আগবঢ়াবলৈ আহবান জনায়৷
উল্লেখ্য যে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড তিনিমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰী কৰায়ত্ব নোহোৱা তথা হত্যাকাৰীৰ পৰিচয় ৰাজহুৱা নকৰাৰ প্ৰতিবাদত এবিএমছুৰ উদ্যোগত সহস্ৰাধিক সংখ্যালঘু জনতাই কোকৰাঝাৰ জিলাৰ ছালাকাটি ৰেলৱে ষ্টেছনত যোৱা ২৬ অক্টোবৰত ৰেলপথ অৱৰোধ কৰিবলৈ লওঁতেই নিৰাপত্তাবাহিনীয়ে অৱৰোধ কাৰ্যসূচীক বাধা প্ৰদান কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
পিছত নিৰাপত্তাৰক্ষীয়ে লাঠীচালনা কৰাৰ বিপৰীতে প্ৰতিবাদকাৰীসকলে নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ আৰম্ভ কৰে৷ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত বাধ্য হৈ নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰী সকললৈ লক্ষ্য কৰি কন্দুৱা গেছ, ৰাবাৰ বুলেট নিক্ষেপ কৰি প্ৰতিবাদকাৰীসকল ছত্ৰভংগ দিয়ে ৷ নিৰাপত্তাৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ আৰু ৰাবাৰ বুলেট নিক্ষেপ কৰাত পুৰুষ মহিলাকে ধৰি কমেও অৰ্ধশতাধিক প্ৰতিবাদকাৰী আহত হয়।
ইয়াৰ পিছতে ছালাকাটি অঞ্চলত এক চেপা উত্তেজনা বিৰাজ কৰাৰ সময়তে আৰক্ষীয়ে ৪০ৰো অধিক প্ৰতিবাদকাৰীক আটক কৰি কোকৰাঝাৰ থানালৈ লৈ আহে আৰু ইয়াৰে ১১গৰাকী প্ৰতিবাদকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰে৷ নিৰাপত্তাৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদতে এবিএমছুয়ে উক্ত কাৰ্যসূচী গ্ৰহন কৰা বুলি সদৰি কৰিছে সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিয়ে।