বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষীৰ অধীক্ষকৰ গড়ৰ দৰে ছাল

বিহালীঃ ৰাজ্যপালৰ নিৰ্দেশক কেৰেপ নকৰে ক্ষমতাই মুৰত ধৰা বৰগাঁও চাহ বাগিছাৰ মালিকে৷ মন্ত্রী ৰঞ্জিত দও আৰু পল্লৱ লোচন দাসৰ ষড়যন্ত্ৰতে বৰগাঁও চাহ বাগিচাতৰ স্বত্বাধিকাৰীয়ে ৰাজ্যপালৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাবলৈ সাহস কৰিছে৷ এই অভিযোগ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ সমিতি আৰু বিপ্লৱী যুৱ সন্থাৰ৷ শনিবাৰে বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি সংগঠনদুটাৰ নেতৃত্বই এই অভিযোগ উত্থাপন কৰে৷ বিশ্বনাথ জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকে শ্ৰমিকৰ পিনে পিঠি দিয়াৰো অভিযোগ কৰে সংগঠন দুটাই৷

প্ৰায় দুমাহ ধৰি বিশ্বনাথ জিলাৰ বৰগাঁও চাহ বাগিছাৰ মালিকে বাগিছাখন লক আউট কৰি ৰখাৰ পিছত যোৱা ১৫ ছেপ্তেম্বৰত অসম চৰকাৰে লক আউট ওপৰত নিষেধাজ্ঞা জাৰি কৰি তৎকালীন ভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে। চৰকাৰৰ এই নিৰ্দেশ লাভ কৰাৰ পিচত স্বাভাৱিকতে শ্ৰমিক সকল আনন্দিত হৈ পৰিছিল৷ পৰিতাপৰ বিষয় এই যে, প্ৰায় তিনি সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো বিশ্বনাথ জিলা প্ৰশাসনে তলা খোলাৰ নিৰ্দেশ কাৰ্যকৰী কৰা নাই। তাৰ পিছতে সংগঠনকেইটাই পুনৰ ক্ষোভিত হৈ চৰকাৰৰ এটা হুকুম এনেদৰে এজন মালিকৰ ওচৰত অসাৰ হৈ পৰাটো যোৱা সত্তৰ বছৰৰ ইতিহাসত আমি প্ৰথম বাৰ প্ৰত্যক্ষ কৰিছোঁ বুলি কয়।

অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী, সম্পাদক কৃষ্ণ পাইক, বিপ্লৱী যুৱ সন্থাৰ কৰ্মী বিকাশ চুব্বা, জ্যোতিপ্ৰকাশ বৰা, অৰুণাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত হাজৰিকাই সংবাদমেল সম্বোধন কৰি আৰু কয় "এই ঘটনাৰ দ্বাৰা চৰকাৰী নিৰ্দেশৰ প্ৰতি জনসাধাৰণৰ যি আস্থা আছিল তাক ভৰিৰে মোহাৰি পেলোৱাৰ উপক্ৰম কৰা হোৱা নাইনে? চৰকাৰৰে অধীনস্থ বিশ্বনাথ জিলা প্ৰশাসনৰ দ্বাৰা। বিশ্বনাথ জিলা প্ৰশাসনে বিভিন্ন আভুৱা ভৰা কথাৰে চৰকাৰৰ তলাবন্ধ প্ৰত্যাহাৰৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ পৰা বিৰত আছে।

ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰাৰ বাবে ৬/৭ গাড়ী পুলিচ লৈ পৰিমল গোড়ক গ্ৰেপ্তাৰ কৰিব পৰা বিশ্বনাথ জিলা প্ৰশাসনে এতিয়া চৰকাৰী নিৰ্দেশ লাভ কৰা পাছতো বৰগাঁও চাহ বাগিছাৰ মালিকক পুলিচ লগাই কিয় ধৰি আনি তলাবন্ধ প্ৰত্যাহাৰ কৰিব পৰা নাই? নে এই চৰকাৰে চাহ শ্ৰমিক আৰু মালিক-এই দুটা শ্ৰেণীত নাগৰিকক ভাগ কৰি বৈষম্যমূলক আচৰণ কৰিছ"৷ আইন ৰক্ষাৰ দাবীত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্ৰকাস কৰি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লবী যুৱ সন্থাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে বাধ্য কৰোৱা বুলি কয়৷

আন্দোলনৰ কাৰ্যসূচী অনুযায়ী অহা ৯ অক্টোবৰত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱস্থান ধৰ্ণা, চৈধ্য অক্টোবৰ তাৰিখে শ্ৰমিকৰ সন্তান সকলৰ অৱস্থান ধৰ্মঘট, ষোল্ল অক্টোবৰ তাৰিখে বৰগাঁঙত অনিৰ্দিষ্ট কালিন পথ বন্ধ কাৰ্যসুচী গ্ৰহম কৰাৰ কথা ঘোষণা কৰে সংগঠন দুটাই। গড়ৰ ছালৰ ডাঠ হৈ পৰা বিশ্বনাথ জিলা প্ৰশাসনক আবেদন কৰি কিবা কামত আহিব বুলি মনে নধৰে বুলিও কটুক্তি কৰে সংগঠনে।