আগডলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১১২ জন ছাত্ৰ-ছাত্ৰীৰ বৃত্তি লাভ

বাইহাটা চাৰিআলিঃ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে৷ ছাত্ৰ-ছাত্ৰী, অভিভাৱকক তথা শিক্ষকক শিক্ষা ব্যৱস্থাৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰে৷ এফালে চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে আন ফালে গ্ৰাম্য অঞ্চলৰ বহু শিক্ষানুষ্ঠান আন্তঃগাঁথনিৰ দুৰৱস্থাই শিক্ষা বিভাগৰ স্বৰূপ উদঙাই আহিছে৷

চৰকাৰী শিক্ষা খণ্ডৰ চৰম বিফলতাৰ পাছত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে ফেৰ মৰা যঠেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে৷ চৰকাৰী বিদ্যালয়ৰ তেনে অৱস্থাৰ বাবে সমাজ খনৰ প্ৰায়ে খিনি লোকেই নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়াব খোজে৷ কিন্তু তাৰ মাজতে বহু চৰকাৰী বিদ্যালয় উজলি উঠিছে ৰাজ্যখনত৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত ২৪নং আগডলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ো এখন৷

এইবেলিও মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰি বিজদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ১৮৭৫ চনতে অঞ্চলটোৰ শুভ চিন্তক একাংশ মহান লোকে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই বিদ্যালয়খনৰ পৰা ৩১ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৬ জন ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিবলৈ সক্ষম হয়। অকল এয়াই নহয় মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত এতিয়ালৈ ১১২ জন ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰ৷

২০১২ বৰ্ষৰ পৰা ২০১৬ বৰ্ষলৈ মুঠ ১১২ জন ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰে এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খনৰ পৰা। ৰাজ্যত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ধামখুমীয়াৰ মাজত প্ৰধান শিক্ষয়িত্ৰী মিৰা বেগম সহ অন্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ কষ্টৰ ফলত বিদ্যালয় খনে এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি কয় ৰাইজে৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ আগ্ৰাসনে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে চৰকাৰী শিক্ষানুষ্ঠানৰ এনে ফলাফলে দৰিদ্ৰ-শ্ৰমিকৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি কব খোজে একাংশ স্থনীয় সচেতন লোকে৷ ইতিহাসৰ স্মৃতি বহন কৰা বিদ্যালয় খনৰ শিক্ষকসকলক ৰইজে শলাগ লয়।