
newsnextone.com | বিলাসীপাৰাঃ দেওবাৰে অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীক ধুবুৰী জিলাৰ বিলাসীপাৰাত দলীয় সভা অনুষ্ঠিত কৰিব নিদিয়াত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ মন্ত্ৰীগৰাকীয়ে পূৰ্বে সভাত উপস্থিত থাকিম বুলি দিন নিৰ্ধাৰণ কৰাৰ লগতে বিলাসীপাৰাৰ অগপ নেতাই সভা অনুষ্ঠিত কৰাৰ বাবে অনুমতি লোৱাৰ পিছতো সভা অনুষ্ঠিত কৰিব নিদিয়াত সোচ্চাৰ হৈ পৰে অগপৰ নেতা-কৰ্মী৷ ইমানে নহয় তেওঁলোকৰ নেতাক অপমান কৰা কাৰ্যৰ তদন্তৰ দাবী জনাই অগপ নেতা-কৰ্মীয়ে৷
অগপ নেতা-কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক সিংহীৰ নাম লৈ অগপ নেতা-কৰ্মীয়ে শ্ল’গান দিয়ে৷
দেওবাৰে পুৱাই দলীয় সভাত অংশ লোৱাৰ উদ্দেশ্যে বিলাসীপাৰালৈ মন্ত্ৰী চৌধুৰীয়ে আহি কিছু সময় পিছতে অহা বাটে উভতি যাব লগা হয়৷ সভা অনুষ্ঠিত কৰাৰ অনুমতি দি দেওবাৰে পুৱাই বিশেষ অজুহাত দেখুৱাই দলীয় সভা অনুষ্ঠিত কৰিব নিদিয়াত অগপৰ নেতা-কৰ্মীয়ে বিজেপি বিধায়ক অশোকৰ এয়া ষড়যন্ত্ৰ আখ্যা দিয়ে৷ মন্ত্ৰী ফণীভূষণ চৌধুৰীক বিলাসীপাৰাত দলীয় সভা অনুষ্ঠিত কৰিব নিদিয়াত ক্ষোভ প্ৰকাশ কৰি সভা অনুষ্ঠিত কৰিবৰ বাবে আমি পূৰ্বে অনুমতি লৈছিলো বুলি কয় অগপৰ বিলাসীপাৰা জিলা সমিতিয়ে৷ পূৰ্বে অনুমতি লোৱা সভাত অংশ লোৱাৰ বাবে দেওবাৰে বিলাসীপাৰালৈ গৈছিল মন্ত্ৰীগৰাকীয়ে আৰু সেই সময়তে প্ৰশাসনে বাধা আৰোপ কৰে৷
প্ৰশাসনে সভা অনুষ্ঠিত কৰিব নিদিয়াত বিজেপিৰ পূৱ বিলসীপাৰা সমষ্টিৰ বিধায়ক অশোক সিংহীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে অগপৰ নেতা-কৰ্মী৷ জানিব পৰা মতে, বিলাসীপাৰা জিলা অগপই ২৭ মে’ত দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত কৰ্মী সভা অনুষ্ঠিত কৰিছিল৷ সভাত আমন্ত্ৰণ জনাইছিল মন্ত্ৰী ফণীভূষণ চৌধুৰীক৷ কিন্তু প্ৰেক্ষাগৃহত এনআৰচি উন্নীতকৰণৰ কাম চলি থকা বুলি কৈ প্ৰশাসনে অগপক কৰ্মীসভা অনুষ্ঠিত কৰিবলৈ নিদিলে৷
অগপৰ মতে, প্ৰেক্ষাগৃহটোত সভা অনুষ্ঠিত কৰাত অসুবিধা থাকিলে ২৪ ঘণ্টা পূৰ্বে প্ৰশাসনে জনাব লাগিছিল৷ তাকে নকৰি কৰ্মীসভাৰ দিনটোতে বাধা প্ৰদান কৰা বুলি ক্ষোভ জাহিৰ কৰে৷ অগপ বিলাসীপাৰা জিলা সমিতিয়ে পিছত বিলাসীপাৰাৰ এটি বিবাহ ভৱনত কৰ্মীসভা অনুষ্ঠিত কৰিবলগীয়া হয়। কৰ্মীসভাত অগপই বিলাসীপাৰাত মন্ত্ৰীগৰাকীৰ উপস্থিতিত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷