নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰতা ভংগৰ হুংকাৰ অগপৰ

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমৰ থলুৱা মানুহখিনিক সংকটৰ গৰাহলৈ ঠেলি দিব বিচৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভন্ন দল-সংগঠন আৰু সমাজ সচেতন লোক৷ 

জাতি-মাটি-ভেটিৰ কথা কৈ ৰাজশাসন দখল কৰা জাতীয় নায়ক সৰ্বানন্দ সণোৱালকো গৰিহণা দিছে বিভিন্নজনে৷ হিন্দু বাংলাদেশীক অসমত সংস্থাপন দি অসমীয়াৰ জীৱন কিয় বিপদাপন্ন কৰিব বিচৰা হৈছে বুলিও বিভিন্ন দল-সংগঠন তথা বুদ্ধিজীৱিয়ে প্ৰশ্ন উত্থাপন কৰিছে৷ 

আনহাতে নাগৰিকত্ব সংশোধনী বিধায়ক গৃহীত হ’লে মিত্ৰতা ভংগ কৰাৰ হুংকাৰ দিছে অগপেও৷ মঙলবাৰে অগপৰ দুই জ্যেষ্ঠ নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে৷ 

পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধীতা কৰি কয় যে যদি বিজেপি চৰকাৰে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে অগপে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব৷ দলতকৈ জাতি প্ৰথমে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে জাতিৰ অস্তিত্বৰ কথা যেতিয়া আহি পৰে, তেতিয়া অসমীয়া হৈ অসমীয়াৰ স্বাৰ্থৰ হকে যুঁজ দিবলৈ আমি সাজু৷ 

আনহাতে প্ৰাক্তন অগপ মন্ত্ৰী কমলা কলিতাইও জাতিৰ সতো কোনো কম্প্ৰ’মাইজ নকৰো বুলি মন্তব্য কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনিৰ বিৰোধীতা কৰে৷ তেওঁ কয় যে যদি বিধেয়কখনি গৃহীত হয়, তেন্তে অগপ-বিজেপিৰ মিত্ৰতাৰ অন্ত পৰিব৷