অগপৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস, উদুলি-মুদুলি দুলীয়াজানৰ বিহুতলি

ডিব্ৰুগড়ঃ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ ৩৩ বছৰীয়া হ’ল৷ ১৯৮৫ চনৰ ১৪ অক্টোবৰত জন্ম হোৱা দলটোৱে শনিবাৰে ব্যাপক উৎসাহেৰে পালন কৰিছে প্ৰতিষ্ঠা দিৱস৷ এইবেলি দলটোৱে কেন্দ্ৰীয় ভাবে প্ৰতিষ্ঠা দিৱস পালন কৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ দুলীয়াজান বিহুতলিত৷

অগপৰ দুলীয়াজান ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ শনিবাৰে পুৱাই পতাকা উত্তোলন কৰে দলটোৰ সভাপতি কেবিনেট মন্ত্ৰী অতুল বৰাই৷ দলটোৰ কেন্দ্ৰীয় নেতা-কৰ্মী, বিভিন্ন জিলা সমিতি-আঞ্চলিক সমিতিৰ নেতা কৰ্মীয়ে শ্বহীদ তৰ্পণ কৰে৷

দুপৰীয়া এখন মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, সভাপতি অতুল বৰা সহিতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কেশৱ মহন্ত আদি উপস্থতি থাকি ৰাইজক উদ্দেশ্যে ভাষণ আগবঢ়াব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ নেতা-কৰ্মীৰে ভৰি পৰিছে দুলীয়াজান বিহুতলি৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ বিদেশীৰ বিৰুদ্ধে ৬ বছৰীয়া অসম আন্দোলন কৰি অসম আন্দোলনৰ সমাপ্তিৰ পৰিণতিত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল।

অসম গণ পৰিষদ ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈও সক্ষম হৈছে৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দলটোৱে ১২৬ খন অাসনৰ ভিতৰত ১৪ খন অাসনত জয়লাভ কৰি বিজেপি অাৰু বিফিএফৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত জন্মগ্ৰহণ কৰা দলটোৰ ৩৩সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দুলীয়াজানত এক উখল-মাখল পৰিবেশ দেখা গৈছে৷ আনহাতে পুৱাই দলটোৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল মহন্তই প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ প্ৰতিগৰাকী সতীৰ্থক আন্তৰিক ওলগ তথা অভিনন্দন জনায়।