
দেৰগাঁওঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো দল৷ নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে অগপ, বিজেপি, কংগ্ৰেছ সকলোৱে নিৰ্বাচনত নামিবলৈ উঠি-পৰি লাগিছে৷ বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে প্ৰতিটো দলে৷ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক দল অগপই শনিবাৰে প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত দলটোৰ জন্মস্থান গোলাঘাটৰ খুমটাই সমষ্টিৰ ঢেকিয়ালত এখন সভা অনুষ্ঠিত কৰে৷ একালৰ অগপৰ দূৰ্গ স্বৰূপ খুমটাই সমষ্টি বৰ্তমান মিত্ৰ দল বিজেপিৰ দখলত আছে যদিও পঞ্চায়ত সমূহ অগপৰ দখললৈ আনিবলৈ বদ্ধ পৰিকৰ অগপ।
খুমটাই ঢেকিয়ালত জিলা অগপৰ সভাপতি পৱন শইকীয়াই দলীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কৰে জিলা সম্পাদক আছিকুৰ ৰহমানে। জিলা অগপৰ সভাপতি পৱন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, অগপৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নুৰুলম হুছেইন, যুৱ পৰিষদৰ সভাপতি সুনীল বৰা, কাৰ্যকৰী সভাপতি জিতু বঢ়াগোহাঁই, সাধাৰণ সম্পাদক পৰেশ গগৈ, অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা শইকীয়াৰ লগতে বহু শীৰ্ষ স্থানীয় নেতাই অংশগ্ৰহণ কৰে৷
অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কংগ্ৰেছৰ দখলত থকা প্ৰায় বিলাক পঞ্চায়তত অনিয়ম, দুৰ্নীতি ৰাজহুৱা ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন কৰি আগন্তুক দিনত নিকা, দুৰ্নীতি মুক্ত পঞ্চায়ত গঠন কৰাৰ স্বাৰ্থত অগপ দলক শক্তিশালী কৰিব লাগিব বুলি কয়৷ এই ক্ষেত্রত দলৰ তৃণমূল কৰ্মীসকলে দলীয় সাংগাঠনিক ভেটি মজবুত কৰি দলটোক ৰাইজৰ মাজলৈ আগুৱাই নিবলৈ আহ্বান জনায়, পূৰ্বৰ অগপ চৰকাৰৰ কাৰ্যকালত হোৱা উন্নয়ণ মূলক কাম-কাজ বোৰৰ কথা ৰাইজক অৱগত কৰি ৰাজ্যত দিনক দিনে আঞ্চলিকতাবাদৰ গুৰুত্ব আৰু প্ৰসাৰ দিনক দিনে বৃদ্ধি পাইছে বুলি কয়৷
ইয়াৰ প্ৰমাণ যোৱা দিনবোৰত বিভিন্ন দল-সংগঠনৰ ব্যক্তিৰ যোগদানে এই কথা স্পষ্ট কৰে৷ কংগ্ৰেছক উৎসাত কৰাৰ স্বাৰ্থতে বিজেপিৰ লগত যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰতা হৈছে৷ চৰকাৰৰ অংশিদাৰী দল হিচাপে থাকিলেও অগপই দলৰ আদৰ্শৰ পৰিপন্থী কোনো কামেই কৰিবলৈ নিদিও বুলি কয়৷ শেহতীয়াকৈ উচ্চতম ন্যায়লয়ে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ খচৰা ৩১ ডিচেম্বৰত প্ৰকাশ কৰিবলৈ দিয়া নিৰ্দেশক অগপই আদৰণী জনায়৷ নগালিমত অসমৰ এক ইঞ্চিও মাটি অন্তৰ্ভুক্ত হবলৈ দিয়া নহব লগতে শীঘ্ৰে নগা চুক্তি ৰাজহুৱা কৰিবলৈ আহ্বান জনাই অগপৰ সভাপতি অতুল বৰাই।
সভাত উপস্থিত থাকি অগপৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীয়ে পঞ্চায়ত নিৰ্বাচনত দলে অকলে অৱতীৰ্ণ হ’ব বুলি মতপোষণ কৰে৷ আজিৰ সভাৰ উপস্থিতিয়ে এটা কথা প্ৰমাণ কৰিছে খুমটাইত বৰ্তমানেও অগপৰ ভেটি শক্তিশালী হৈ আছে৷ সমগ্ৰ অসমতে অগপ শক্তিশালী হৈছে। ২০২১ চনত আমি দিছপুৰত চৰকাৰ বনাম এই কথা ঘোষণা কৰিলো বুলি কয় চৌধুৰীয়ে।
অগপ দলক শক্তিশালী কৰাৰ স্বাৰ্থত সকলো দলীয় কৰ্মীক আগন্তক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি দলৰ সাংগাঠনিক ভেটি মজবুত কৰি পঞ্চায়ত নিৰ্বাচনলৈ সাজু হবলৈ আহ্বান জনাই৷ খুমটাই সমষ্টিৰ দলীয় সাংগাঠনিক কাম কাজত পিছ পৰি ৰোৱা নাই কংগ্ৰেছ কিম্বা বিজেপি৷ অৱশ্যে সংখ্যলঘু এলেকা সমূহত বিজেপিৰ অৱস্থা থৰক বৰক যদিও অগপৰ শেহতীয়াকৈ খুমটাইত কিছু উত্থান ঘটিছে৷