মাছখোৱাত অগপৰ সভা, পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান ৰমেন্দ্ৰৰ

গুৱাহাটীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে শাসক-বিৰোধি দল৷ শাসক অগপ, বিজেপি ব্যস্ত হৈ পৰাৰ লগতে বিৰোধি ইউডিএফ আৰু কংগ্ৰেছো পিছ পৰি থকা নাই৷ শাসক বিৰোধিয়ে বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি ভোটৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

ৰাজ্যৰ একমাত্ৰ শক্তিশালী আঞ্চলিক দল অগপই যদিও বিজেপিৰ সৈতে লগ লাগি ৰাজ্যৰ শাসনৰ ভাৰ চলাই আহিছে তথাপিও একলা চলৌ নিতী অৱলম্বন কৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ চলাই গৈছে৷ তাৰ মাজতে বুধবাৰে মহানগৰীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অগপৰ এখন দলীয় সভা অনুষ্ঠিত হয়৷ পশ্চিম গুৱাহাটী সমষ্টি অগপৰ উদ্যোগত অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উপস্থিত থাকি দলৰ নেতা-কৰ্মীসকলক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায়৷

অগপ দলক শক্তিশালী কৰিলেহে অসমৰ হৈ যুজ দিয়া মানুহ থাকিব বুলি কয় বিধায়কগৰাকীয়ে৷ সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সভাপতি হিচাপেলৈ পশ্চিম গুৱাহাটী সমষ্টি সমিতি গঠন কৰা হয়। সভাত বিধায়ক কলিতাৰ উপস্থিতিত অসম গণ পৰিষদ দলত পৌৰসভাৰ সদস্য, প্ৰাক্তন কাউন্সিলাৰৰ লগতে কেইবাগৰাকী লোকে যোগদান কৰে৷