ৰহাৰ তৃণমূল কৰ্মীয়ে কলে অগপই অকলে খেলক পঞ্চায়ত নিৰ্বাচন

বাহাকাবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আঞ্চলিক দল অগপ ব্যস্ত হৈ পৰিছে দলক শক্তিশালী কৰিবলৈ৷ ইতিমধ্য আঞ্চলিক দল অগপই পয্চায়ত অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰাৰ লগে লগে উঠি-পৰি লাগিছে দলৰ তৃণমুল পৰ্যায়ৰ নেতা-কৰ্মী৷ দেওবাৰে নগাও জিলাৰ ৰহাত দলটোৰ এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়৷

ৰহা বিধান সভা সমষ্টিৰ ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰত অনুষ্ঠিত সভাত ৰহা সমষ্টিৰ আঞ্চলিক সমিতি সমূহৰ নেতা-কৰ্মী উপস্থিত থাকে৷ সভাত দলৰ সাংগঠিক দিশত বিশদ আলোচনা কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচন অগপই অকলে খেলিব লাগে বুলি বহু নেতাই মতপোষণ কৰে৷ ৰহা সমষ্টিৰ ২৮ খন পঞ্চায়তত সাংগঠিক দিশত সবল কৰিবলৈ সংকল্প লয়।

সভাত নগাঁও জিলা অগপৰ বহু কেইগৰাকী সদস্য উপস্থিত থাকে । পঞ্চায়ত নিৰ্বাচনত তৃণমূল কৰ্মীসকলে কাৰো সৈতে মিত্ৰতা নকৰি অগপ দলে নিজা প্ৰাৰ্থীৰে নিৰ্বাচনত অৱতীৰ্ণ হব লগাবে বুলি মতপোষণ কৰে৷