বিজেপিৰ বিৰুদ্ধে অগপ, জাতিৰ স্বাৰ্থত অগপৰ গণস্বাক্ষৰ অভিযান

newsnextone.com | কলিয়াবৰঃ ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীতকৰণৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী কৰি দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ 

আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নহোৱা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷ এতিয়াই যদি প্ৰতিবাদ নকৰে, তেন্তে এদিন নিজৰ মাটিতে ভগনীয়া হ’ব লাগিব বুলি সতৰ্ক কৰি দি গণসচেতনতা গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হৈছে৷

ৰাজ্যৰ বিভিন্ন দল-সংগঠনটো বাদেই, বিজেপি চৰকাৰে অসমৰ মাটিত হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়াৰ অস্তিত্ব সংহাৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাজ্যৰ মিত্ৰজোঁট দল অসম গণ পৰিষদ৷ অগপ দলৰ কেইবাগৰাকীও বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীয়ে চৰকাৰে লোৱা এই সিদ্ধান্তৰ বিৰোধিতা কৰি অসমীয়াক ধ্বসং নকৰিবলৈ আহ্বান জনাইছে৷

সোমবাৰে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে অসম গণ পৰিষদৰ কলিয়াবৰ শাখাই৷ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত সোমবাৰে পুৱাৰ পৰা অসম গণ পৰিষদৰ কলিয়াবৰ শাখাই কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

আনহাতে বোকাখাততো অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ সহস্ৰাধিক অগপ নেতা-কৰ্মীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ 

অসম গণ পৰিষদে বিধেয়কখনৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত হ’বলৈ আহ্বান জনাই সোমবাৰৰ পৰা গণস্বাক্ষৰ অভিযান কাৰ্যসূচী হাতত লয়৷ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে কেইবাটাও স্থানীয় দল সংগঠনে এই গণস্বাক্ষৰ অভিযান কাৰ্যসূচীত সহযোগ আগবঢ়ায়৷