কাৰ্বি পাহাৰত বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰতিবাদ, বিধেয়ক বাতিলৰ দাবী

newsnextone.com | বোকাজানঃ অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদ দলে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰ চলাই থকাৰ পিছতো উজনি-নামনিত দলটোৰ বিভিন্ন জিলা সমিতি, আঞ্চলিত সমিতিয়ে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কৰ বিৰোধিতা কৰি আহিছে অগপই৷ 

বিজেপিৰ সৈতে একেলগে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে বিধেয়কৰ বিৰুদ্ধে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমত মতামত লবলৈ অহাৰ সময়ত যুটীয়া সংসদীয় সমিতিক দলে বলে গৈ দলটোৰ নেতাসকলে বিধেয়কৰ বিৰুদ্ধে মত দিয়ে৷

ৰাজ্যজুৰি গণ স্বাক্ষৰ সংগ্ৰহ কৰি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, যুটীয়া সংসদীয় সমিতি আৰু মুখ্যমন্ত্ৰীক প্ৰদান কৰি আহিছে৷ ৰাজপথৰ দাতিত বহি, ৰাজহুৱা স্থানত দলটোৱে বাটৰুৱা, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আদিৰ পৰা আজিও স্বাক্ষৰ সংগ্ৰহ কৰি আহিছে৷

তাৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত মঙলবাৰে অসম গণ পৰিষদ দলে বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম গণ পৰিষদৰ বোকাজান জিলা সমিতিয়ে দিনৰ ১০ বজাৰ পৰা ১ বজালৈ বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৩ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ 

অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চন্দ্ৰছিং ইংতি, বোকাজান জিলা সমিতিৰ সভাপতি সম্পাদক ডানিয়াল টিমুং আৰু প্ৰশান্ত বৰা, কেন্দ্ৰীয় পৰিষদৰ সাধাৰণ সদস্য বিনয় বৰা, অসম যুৱ পৰিষদৰ বোকাজান জিলা সমিতিৰ সভাপতি দুলু দত্ত, সংখ্যালঘু পৰিষদৰ বোকাজান জিলা সমিতিৰ সভাপতি আবু তাহেৰৰ লগতে শতাধিক সদস্যই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ 

অগপ নেতা-কৰ্মীয়ে নেকা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, জাতিদ্ৰোহী নাগৰিকত্ব আইন প্ৰত্যাহাৰ কৰক, অসম গণ পৰিষদ জিন্দাবাদ, জাতিধ্বংসী নাগৰিকত্ব আইন বাতিল কৰক আদি বিভিন্ন শ্ল'গানেৰে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

অসম গণ পৰিষদ বোকাজান জিলা সমিতিৰ সম্পাদক প্ৰশান্ত বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে বোকাজানবাসী ৰাইজক ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনোপধ্যেই মানি লোৱা নহব বুলি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে সকীয়াই দিয়ে৷