দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশংসা কৰা কোন এয়া আহমেদ আলি? জানিবলৈ পঢ়ক এই বাতৰি

গুৱাহাটীঃ জন্মভূমিৰ বাবে সকলোৱে ভাল কাম কৰিব বিচাৰে৷ এই অনুযায়ী আমি সকলোৱে পেছাগতভাৱে কোনো নহয় কোনো এটা কামত জড়িত হৈ আছো৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব বিচাৰোঁ জন্মভূমিক৷ বিশেষকৈ শিক্ষাৰ পোহৰেৰে জিলিকাই তুলিব খোজে একো একো খন সমাজক একো একোজন লোকে৷

দেশবাসীৰ বাবে, দহৰ বাবে সেৱা কৰা মানুহ আমাৰ অসম মুলুকতো বহু আছে৷ চৰকাৰে ৰূপায়ন কৰা আঁচনিয়ে ঢুকি নোপোৱা দৰিদ্ৰ, শ্ৰমিকৰ সন্তান, ডেকা, জ্যেষ্ঠ, যুৱতী-মহিলাৰ বাবে কাম কৰা মানুহৰ ভিতৰৰ এজন মানুহ হৈছে আহমেদ আলি৷ বৰাক উপত্যকাৰ কৰিমগঞ্জৰ মধুৰবন্দ গাঁৱৰ আহমেদ আলি৷ 

দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি সমগ্ৰ জীৱনটোৱে সংগ্ৰাম কৰা আহমেদ আজি দেশৰ হিৰ’৷ যাৰ কথা প্ৰধানমন্ত্ৰী মোডীৰ পৰা আৰম্ভ কৰি দেশৰ আগশাৰীৰ সংবাদ মাধ্যমে চৰ্চা কৰিছে৷

শৈশৱ কালত দৰিদ্ৰতাৰ বাবে নিজে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে আহমেদে৷ গৰীৱ পৰিয়ালটোৰ ভাত এসাঁজৰ বাবে দিন হাজিৰা কৰি পাৰ কৰিছিল সময় ৷ কিন্তু তেওঁ মৰ্মে উপলদ্ধি কৰিছিল  শিক্ষা যে  জীৱনৰ মূলধন। আহমেদৰ দৰে দাল দৰিদ্ৰ লোকে এই কথাৰ গূঢ়াৰ্থ বুজে যদিও সমাজৰ কিমানজনে উপলব্ধি কৰে এই কথা? 

যিয়ে বুজি পাইছে তেওঁ আগবাঢ়ি গৈছে জীৱন যুদ্ধত। অশীতিপৰ আহমেদ আলিয়ে মনত পুহি ৰাখিছিল সমাজ সেৱা কৰাৰ কথা৷ নিজেই শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলেও আনৰ তথা দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ বাবে শিক্ষাৰ দিশত কিবা কৰাৰ কথা৷ 

ভবা মতেই এদিন তেওঁ আগবাঢ়ি আহিছিল শিক্ষাৰ দিশত কাম কৰি জগত পোহৰাবলৈ৷ তেওঁৰ শৈশৱৰ আক্ষেপ পূৰণ কৰিবলৈ আঁচনি ৰূপায়ন কৰে। দীনতাৰ বাবে তেওঁ স্কুলীয়া শিক্ষা সাং কৰিব নোৱাৰিলে। সেয়া তেওঁৰ বাবে এক পাপ।

কিন্তু এই পাপৰ প্ৰায়শ্চিত্ত তেওঁ কৰিছে ন-খনকৈ বিদ্যালয় স্থাপন কৰি। দুটা দশক ৰিক্সা চলাই, গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চলত নিৰ্মাণ কৰ্মী হিচাপে কাম কৰি তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে দৰিদ্ৰতা আৰু বিদ্যালয়ৰ অভাবৰ বাবে দেশৰ লাখ লাখ শিশুৱে আধাতে আনুষ্ঠানিক শিক্ষাক বিদায় দিবলগীয়া হৈছে। 

স্কুললৈ যোৱাৰ সলনি যেতিয়া কণ কণ শিশুহঁতক অনাই-বনাই ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে তেওঁৰ বুকু কপি উঠে৷ গৰীৱৰ সন্তানক শিশু শ্ৰমিক হিচাপে কাম কৰা প্ৰত্যক্ষ কৰিলে তেওঁৰ চকুলো নিগৰে..তেওঁৰ হিয়া ভাগি টুকুৰা টুকুৰ হয়। 

শিশুহঁতক এই অভিশাপৰ পৰা মুক্ত কৰিবলৈ কৰিমগঞ্জৰ মধুৰবন্দ গাঁৱৰ আহমেদ আলিয়ে পণ কৰিলে। পৈতৃক সম্পত্তিৰ পৰা পোৱা৩৬ বিঘা মাটিৰ ৩২ বিঘাই তেওঁ বিদ্যালয় নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিলে। লক্ষ্য আছিল ১০ খন শিক্ষানুষ্ঠান স্থাপন কৰাৰ। 

ইতিমধ্যে তেওঁ স্থাপন কৰিছে ৯ খন স্কুল। যোৱা চাৰি দশকত তেওঁ স্থাপন কৰা ৯ খন স্কুলৰ ৩ খন প্ৰাথমিক, ৫ খন মধ্য-ইংৰাজী আৰু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেওঁ এখন মহাবিদ্যালয় স্থাপনৰ আশা  এতিয়াও পুহি ৰাখিছে।

যি সময়ত একাংশ মানুহে প্ৰচাৰ বিচাৰি আছে, তেনে সময়তে আহমেদ আলিয়ে দুখন বিদ্যালয়ৰ বাদে ক’তো নিজৰ নাম ব্যৱহাৰ কৰা নাই। যি দুখনত তেওঁৰ নাম দিছে, সেয়াও গাঁওবাসীৰ প্ৰবল হেঁচাতহে কৰিবলগীয়া হয়। 

মাটি বিক্ৰী কৰি পোৱা টকাৰে ১৯৭৮ চনত তেওঁ প্ৰথমখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। তেওঁৰ তিনিওখন প্ৰাথমিক বিদ্যালয়েই এতিয়া চৰকাৰীকৰণ হৈছে। তেওঁৰ এই প্ৰচেষ্টাত শেহতীয়াকৈ বদৰপুৰৰ প্ৰাক্তন বিধায়ক মৌলানা আব্দুল জেলিল আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পলে সহায়ৰ হাত আগবঢ়াইছে। 

ঘৰৰ সন্মুখৰ বাটটো যেতিয়া স্কুললৈ যোৱা শিশুহঁতৰ কাকলিয়ে মুখৰিত কৰে তেতিয়া ৯ খনকৈ স্কুল গঢ়া অশীতিপৰ আহমেদ আলিৰ মুখমণ্ডল গৌৰৱেৰে সমুজ্জ্বল হৈ পৰে।

উল্লেখ্য যে, দেওবাৰে ‘মন কী বাত’ অনুষ্ঠান সম্প্ৰচাৰ কৰে মোডীয়ে৷ অসমৰ কৰিমগঞ্জ জিলাৰ আহমেদ আলিক প্ৰশংসাৰে ওপচাই পেলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷


৪২ সংখ্যক ‘মন কী বাত’ত দেশবাসীক উদ্দ্যেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ বাবে ৰিক্সাচালক আহমেদ আলিয়ে ৯খন স্কুল স্থাপন কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে ইয়াক দেশৰ ইচ্ছা শক্তিৰ ক্ষমতা বুলি অভিহিত কৰে৷