২৪২ যাত্ৰীসহ আহমেদাবাদত দুৰ্ঘটনাত পতিত লণ্ডন অভিমুখী বিমান, কথমপি প্ৰাণ ৰক্ষা এজনৰ

আহমেদাবাদঃ অভিশপ্ত হৈ পৰিল ১২ জুনৰ এটা সুন্দৰ দুপৰীয়া! গুজৰাটৰ আহমেদাবাদত আজি সংঘটিত হোৱা ভাৰতৰ ইতিহাসৰ অন্যতম ভয়াবহ বিমান দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বিশ্বক। এয়াৰ ইণ্ডিয়াৰ এখন এআই১৭১ যাত্ৰীবাহী বিমান আজি দুৰ্ঘটনাগ্ৰস্ত হোৱাত বিমানখনত থকা ২৪২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ অধিক সংখ্যকৰে মৃত্যু ঘটে। আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ২৬নং ৰানৱেৰ পৰা লণ্ডনৰ গেটৱিক অভিমুখে উৰা মৰাৰ মাত্ৰ পাঁচ মিনিটৰ পিছতে এক ভয়ংকৰ অগ্নিপিণ্ডলৈ পৰিণত হৈ পৰে বিমান।

জানিব পৰা মতে, বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখনত সেই সময়ত আছিল ২৩২ জন যাত্ৰী আৰু ১০ জন ক্ৰু সদস্যকে ধৰি ২৪২ জন লোক। দিনৰ ১:৩৮ বজাত বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছত বিমানখন ৮২৫ ফুট উচ্চতাত উপনীত হোৱাৰ পিছতে হঠাৎ তললৈ নামিবলৈ আৰম্ভ কৰে। আৰু তাৰ পাছতে আহমেদাবাদৰ সমীপৱৰ্তী মেঘানীনগৰ অঞ্চলৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ গাতে লাগি থকা চিকিৎসকৰ হোষ্টেলত খুন্দা মাৰি ভূপতিত হয় যাত্ৰীবাহী বিমানখন।

এই দুৰ্ঘটনাত হোষ্টেলটোৰ আৱাসী ৫ জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰও নিহত হয় আৰু আন ৪০ জন আহত হয়। এয়াৰ ইণ্ডিয়াই সদৰী কৰা মতে, বিমানখন উৰা মৰাৰ পাঁচ মিনিট পিছতে পাইলটৰ পৰা 'মেডে কল’ লাভ কৰে যদিও তাৰ পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বিমানখনত থকা যাত্ৰীসকলৰ ভিতৰত আছিল ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, ১ জন কানাডিয়ান আৰু ৭ জন পৰ্তুগীজ নাগৰিক। উক্ত বিমানখন কেপ্টেইন সুমিত সভৰৱালৰ অধীনত আছিল৷ তেওঁৰ আছিল ৮,২০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা। কেপ্টেইন সুমিতৰ সহায়ক আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ৷ তেওঁ ১,১০০ ঘণ্টাৰ উৰণ অভিজ্ঞতা সংগ্ৰহ কৰিছে। জানিব পৰা মতে, এই বিমানখনেৰেই পত্নী-পুত্ৰক লগ কৰিবলৈ লণ্ডনলৈ উৰা মাৰিছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিজয় ৰূপানীয়েও। দুৰ্ঘটনাটোত তেওঁৰো মৃত্যু হোৱাৰ কথা নিশ্চিত কৰা হৈছে।

ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াই জৰুৰীকালীন হেল্পলাইন নম্বৰ (১৮০০ ৫৬৯১ ৪৪৪) মুকলি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক “অত্যন্ত হৃদয়বিদাৰক” বুলি অভিহিত কৰে। এক বিবৃতিত তেওঁ কয় যে আহমেদাবাদৰ এই দুৰ্ঘটনাটোৱে আমাক স্তম্ভিত আৰু দুখী কৰি তুলিছে। এয়া এক হৃদয়বিদাৰক ঘটনা যাক ভাষাৰে বুজাব নোৱাৰি। মই ভুক্তভোগীৰ সৈতে থিয় দিছো আৰু সংশ্লিষ্ট মন্ত্ৰালয় আৰু কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছো। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু উদ্ধাৰ আৰু চিকিৎসা সাহায্য শীঘ্ৰে প্ৰদানৰ নিৰ্দেশ দিছে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্সৰ কমেও ২৪টা ইউনিট উপস্থিত হয়। উল্লেখ্য যে, এই ভয়াৱহ বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে ভাৰতীয় মূলৰ এগৰাকী বৃটিছ নাগৰিকৰ। প্ৰাণ ৰক্ষা পৰা যাত্ৰীজন হৈছে ৰমেশ কুমাৰ বিশ্বাস। অৱশ্যে যাত্ৰীজন বৰ্তমান আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন হৈ আছে। তদন্তকাৰীয়ে জনোৱা মতে, বিমানখনৰ গতি আছিল মাত্ৰ ১৭৪ নট বা ৩২২ কিলোমিটাৰ প্ৰতি ঘণ্টা, যিটো স্বাভাৱিকতকৈ বহু কম। অৱশ্যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অন্যহাতে, লণ্ডন গেটৱিক বিমানবন্দৰৰ পৰা জানিব পৰা মতে, আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:২৫ বজাত বিমানখন অৱতৰণ কৰাৰ কথা আছিল।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে গভীৰ শোক প্ৰকাশ কৰি কয়, "এই দুৰ্ঘটনা অত্যন্ত মৰ্মান্তিক। বিমানখনত বহু ব্ৰিটিছ নাগৰিক আছিল। মই পৰিস্থিতি নিৰীক্ষণ কৰি আছো।" টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে কয়, "এই দুৰ্ঘটনাত আমি গভীৰভাৱে দুখী। ক্ষতিগ্ৰস্ত লোকসকলক সকলো সাহায্য প্ৰদান কৰা হৈছে। আমি চৰকাৰ আৰু উদ্ধাৰকাৰী দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছো।" কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত পোষ্ট কৰি কয়, "আহমেদাবাদত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাত মই গভীৰভাৱে দুখী। ৰেপিড ডিজাষ্টাৰ ৰেচপন্স ফৰ্চক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। পৰিস্থিতিৰ মূল্যায়নৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, গৃহমন্ত্ৰী হৰ্ষ সাংঘী আৰু আহমেদাবাদ আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতিছো।" ব্যক্তিগতভাৱে কাম-কাজ চোৱাচিতা কৰিবলৈ তেওঁ আহমেদাবাদলৈ ৰাওনা হৈছে।

কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে এই ঘটনাত স্তম্ভিত হৈ ন্যায়িক তদন্তৰ দাবী জনাই এক্সত লিখিছে, "গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা ভয়াৱহ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ কথা শুনি মই একেবাৰে স্তম্ভিত হৈছো। বিমানখনত কেইবাজনো যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল। বিতং তদন্ত কৰা উচিত। ইয়াৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব লাগে আৰু বিফলতাসমূহ পৰীক্ষা কৰা উচিত।"

কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও এক্সত পোষ্ট কৰি কয়, "আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাটো হৃদয়বিদাৰক। যাত্ৰী আৰু ক্ৰুৰ পৰিয়ালৰ সদস্যসকলে কিমান কষ্ট আৰু উদ্বেগৰ মাজেৰে পাৰ হৈ আহিছে সেয়া কল্পনা কৰাটো কঠিন। এই অবিশ্বাস্যভাৱে কঠিন সময়ত মোৰ সহানুভূতি তেওঁলোকৰ প্ৰত্যেকৰে লগত আছে। প্ৰশাসনৰ পৰা জৰুৰী উদ্ধাৰ আৰু সাহায্যৰ প্ৰচেষ্টাৰ প্ৰয়োজন।" আন্তঃৰাষ্ট্ৰীয় নেতাসকলেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই দুৰ্ঘটনাক লৈ প্ৰকাশ কৰে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও এই কৰুণ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে।

ইফালে, এই ভয়াৱহ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে। তেওঁ কয়, "১৯৫০ ৰ দশকত এখন ৰে’ল লাইনচ্যুত হোৱাৰ সময়ত লাল বাহাদুৰ শাস্ত্ৰীয়ে পদত্যাগ কৰিছিল। একেই নৈতিক ভিত্তিতে মই প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী নাইডুৰ পদত্যাগৰ দাবী জনাইছোঁ, যাতে মুক্ত আৰু নিৰপেক্ষ তদন্ত হ'ব পাৰে। মোদী আৰু তেওঁৰ সহযোগীসকলে এতিয়ালৈকে যি কৰিছে সেয়া মাথোঁ এটা প্ৰৱঞ্চনা যিটো বন্ধ হ'ব লাগে।" এই মন্তব্যই সমগ্ৰ দেশতে দুৰ্ঘটনাৰ কাৰণ আৰু দায়বদ্ধতাক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।

ছীট নম্বৰ ১১এ-ত মিৰাকল, বাচিল ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ

বৃহস্পতিবাৰৰ বিভীষিকাময় দিনটোক আজীৱন বুকুৰ ঘা কৰি ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল এজন বিমান যাত্ৰীৰ। আজি গুজৰাটৰ আহমেদাবাদত সংঘটিত দেশৰ ইতিহাসৰ আটাইতকৈ ভয়ানক বিমান দুৰ্ঘটনাটোত একমাত্ৰ জীৱিত ব্যক্তি হিচাপে প্ৰাণ ৰক্ষা পৰে ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশৰ। 

আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ৰ আছাৰৱাৰ জেনেৰেল ৱাৰ্ডত বৰ্তমান চিকিৎসাধীন হৈ থকা ৪০ বছৰীয়া ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশে দাবী কৰে যে বিমান দুৰ্ঘটনাত তেৱেঁই একমাত্ৰ জীৱিত ব্যক্তি। বিভীষিকাৰ বৰ্ণনা কৰি তেওঁ কয়, "টেক অফৰ ত্ৰিশ ছেকেণ্ডৰ ভিতৰতে এটা ডাঙৰ শব্দ হৈছিল আৰু তাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই সকলোবোৰ ইমান দ্ৰুতগতিত হৈছিল যে মুহূৰ্ততে সকলো শেষ হৈ গ’ল।"

বিশ্বাস কুমাৰ ৰমেশে এই দুৰ্ঘটনাত বুকু, চকু আৰু ভৰিত আঘাত পাইছে। ভাৰতত পৰিয়ালক সাক্ষাৎ কৰিবলৈ অহা বিশ্বাসে ভাতৃ অজয় ​​কুমাৰ ৰমেশ (৪৫)ৰ সৈতে ব্ৰিটেইনলৈ উভতি যোৱাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। ভয়ংকৰ মুহূৰ্তটোৰ বৰ্ণনা কৰি ব’ৰ্ডিং পাছ এতিয়াও অক্ষত অৱস্থাত থকা বিশ্বাসে কয়, "উঠাৰ সময়ত চাৰিওফালে কেৱল মৃতদেহহে দেখা পাইছিলোঁ। ভয় খাইছিলোঁ। উঠি দৌৰিবলৈ ধৰিলোঁ। বিমানখনৰ টুকুৰাবোৰ ইফালে সিফালে সিঁচৰতি হৈ আছিল। কোনোবাই মোক তুলি লৈ এম্বুলেন্সত ভৰাই চিকিৎসালয়লৈ লৈ গ'ল।"

বিমানখনৰ বেলেগ শাৰীত বহি আছিল তেওঁৰ ভায়েক অজয়। দুৰ্ঘটনাত তেওঁৰ ভাতৃৰো মৃত্যুৰ আশংকা কৰা হৈছে। চিকিৎসালয়খনৰ আন এটা অংশত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ আন যাত্ৰীসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়েও নিজৰ আপোনজনক বিচাৰিছে। ইয়াৰ ভিতৰত এই বিমানত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালৰ সদস্যও আছে। প্রাক্তন মুখ্যমন্ত্রীজনক বিচাৰি হাস্পতালত উপস্থিত হৈছে ৰূপানীৰ প্রাক্তন সহায়ক শৈলেশ মণ্ডলিয়া৷ 

মৃত্যুৰ শীতল কোলাত শুই পৰিল উত্তৰ-পূৰ্বাঞ্চলৰ দুই কন্যা 

আহমেদাবাদৰ দুখজনক বিমান দুৰ্ঘটনাত উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী কন্যা মৃত্যুৰ শীতল কোলাত শুই পৰে৷ মণিপুৰৰ নান্থে শৰ্মা কংব্ৰেইলাতপাম আৰু লামনুথেম ছিংচন ভয়ানক দুৰ্ঘটনাত মৃত্যুৰ শীতল কোলাত শুই পৰে৷ দুয়োগৰাকী কেবিন ক্ৰু সদস্য আছিল৷ যাত্ৰী তথা সংগী ক্ৰুৰ সৈতে আহমেদাবাদৰ পৰা উৰণ আৰম্ভ কৰিছিল নান্থে শর্মা কংব্ৰাইলাতপাম আৰু লামনুথেম ছিংচনে৷ পৰিয়ালে এই খবৰ লাভ কৰি শোকত ভাগি পৰিছে৷ নান্থে শর্মা কংব্ৰাইলাতপাম আৰু লামনুথেম ছিংচনৰ উপৰি কেবিন ক্ৰু দলত আছিল শ্ৰদ্ধা ধাৱন, অপৰ্ণা মাহাডিক, চাইনিতা চক্রৱৰ্তী, দীপক পাঠক, মৈথিলী পাটিল, ইৰফান শ্বেইখ, ৰোশনী সংঘাৰে ৰাজেন্দ্ৰ আৰু মনীষা থাপা।

আনহাতে অসমৰ দুই সন্তানৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে৷ বিমানখনে যিটো অট্টালিকাত খুন্দা মাৰিছিল সেয়া আছিল এটা হোষ্টেল৷ আহমেদাবাদ মেডিকেল কলেজৰ হোষ্টেলটোত যথেষ্টসংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল। এই অট্টালিকাটোত সেই সময়ত আছিল অসমৰ দুগৰাকী মেডিকেলৰ ছাত্ৰ। এই ঘটনাত ডাঃ ৰুক্মিণী বৰুৱা আৰু ডাঃ বিদ্যুৎ বিকাশ গগৈৰ প্ৰাণ ৰক্ষা পৰে। অসমৰ দুয়োগৰাকী ছাত্ৰ আঘাতপ্ৰাপ্ত হোৱা নাই। সেই সময়ত উক্ত অট্টালিকাটোতে আছিল অসমৰ ৰুক্মিণী আৰু বিদ্যুৎ বিকাশ গগৈ। ডাঃ গগৈয়ে অগ্নিকুণ্ডৰ মাজেৰে দৌৰি প্ৰায় ৮ ফুট ওখ দেৱাল পাৰ হৈ আত্মৰক্ষা কৰিছিল৷ বিদ্যুৎ বিকাশ গগৈ সম্প্রতি হাস্পতালত চিকিৎসাধীন৷ চকুৰ আগতে বিমানখনে অট্টালিকাটোত খুন্দা মৰা দেখিছিল দুই ছাত্ৰই।