
শিমলুগুৰিঃ শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰৰ সমীপত আহোম ৰাজত্ব কালৰ বৰটোপৰ গুলী উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিমলুগুৰি নগৰৰ ১নং ৱাৰ্ডৰ আচানুৰ ৰহমানৰ বাৰীত মাটি খান্দোতে আহোম ৰাজত্বকালত যুদ্ধত ব্যৱহাৰ কৰা বৰটোপৰ সৰু-ডাঙৰ আকাৰৰ গুলী উদ্ধাৰ হয়।
ইতিহাস প্ৰসিদ্ধ অঞ্চলটোত আহোম যুগৰ বহু সমল বিভিন্ন সময়ত উদ্ধাৰ হোৱা পৰিলক্ষিত হৈ আহিছে। যুদ্ধ-বিগ্ৰহত ব্যৱহাৰ বৰটোপৰ গুলী কেইটা চাবৰ বাবে আচানুৰ ৰহমানৰ ঘৰত অঞ্চলটোৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। সম্পূৰ্ণ অক্ষত অৱস্থাত থকা এই সৰু-বৰ ১৮ জাঁই বৰটোপৰ গুলী আচানুৰ ৰহমানৰ নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখিব বুলি জানিবলৈ দিয়ে৷