গ্ৰীণ ট্ৰিবিউনেলৰ গ্ৰীন চিগনেল, চাংসাৰিত হ’ব এইমছ, ফটকা ফুটাই আনন্দ প্ৰকাশ

বাইহাটা চাৰিআলিঃ অসমত প্ৰস্তাৱিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিস্থান চমুকৈ এইমছ স্থাপনৰ স্থান নিৰ্বাচনক লৈ সৃষ্টি হৈ থকৈ জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিয়া চিগনেল অনুসৰি এইমএছ চাংসাৰিতে স্থাপনৰ দিশে আগবাঢ়িছে৷ বাদ-প্ৰতিবাদ তথা স্থান নিৰ্ধাৰণক লৈ তীব্ৰ বিতৰ্ক অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ মধ্য অসমৰ ৰহাৰ পূৰ্বে এইমছ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চাংসাৰি(জালাহ) ৰ ৫৭১ বিঘা ১ কথা ১৫ লেচা ভূমিতে স্থাপন হ’ব একপ্ৰকাৰ খাতাং হ’ল৷

এইমছ স্থাপনৰ বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মজিয়াত বিচাৰাধীন হৈ থকাৰ সময়তে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰ যোৱা অহা ২৬ মে’ত চাংসাৰিত প্ৰস্তাৱিত এইমছৰ আধাৰশিলা স্থাপনৰ দিশে আগবাঢ়িছিল৷ তাৰ প্ৰতিবাদত প্ৰতিবাদত জাঙুৰ খাই উঠিছিল সমগ্ৰ মধ্য অসমৰ ৰাইজ তথা দল-সংগঠন। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মধ্য অসমৰ দল-সংগঠন তথা মধ্য অসম এইমছ দাবী সমিতিয়ে চৰকাৰে ষড়যন্ত্ৰৰ কৰা বুলি অভিযোগ উত্থাপন কৰি ২৫ মে’ত ৰহাস্থিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ২৬ মে’ত মধ্য অসম বন্ধ কাৰ্য্যসূচী ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে, ২৬ মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিছিল৷ উক্ত সময়তে মধ্য অসমৰ ৰাইজ ৰহাত স্থাপন কৰিম বুলি কৈ চাংসাৰিত এইমছ স্থাপন কৰিব বিছৰাত মধ্য অসমৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনকে ধৰি মুলতঃ মধ্য অসম এইমছ দাবী সমিতিয়ে এই সিদ্ধান্ত বাতিল কৰি প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছিল। বিভিন্ন মহলে চাংসাৰিৰ প্ৰস্তাৱিত ভূমি এইমছ নিৰ্মাণৰ বাবে অনুকূল নহয় বুলি কৈছিল। গুৱাহাটী-২০২৫ৰ বাবে প্ৰস্তুত কৰা মাষ্টাৰ প্লেনত এইকথাৰ স্পষ্ট উল্লেখ থকা বিষয়টো আঙুলিয়াই দি উক্ত স্থান সেমেকা আৰু জৈৱ-বৈচিত্ৰ্যতাৰ বাবে অনুকূল বুলি কৈছিল।

চাংসাৰি ক্ৰমান্বয়ে এক উদ্যোগিক নগৰীলৈ পৰ্যবসিত হৈছে বুলি মন্তব্য কৰি তেনে এক পৰিৱেশত এইমছৰ দৰে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন বিশেষ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা এক হঠকাৰী সিদ্ধান্ত আখ্যা দিছিল বিভিন্ন লোকে৷ তাৰ মাজতে ৰহাত এইমছৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি শ্বহিদ হৈছিল মিন্টু দেউৰীৰ৷ অন্তহীন উৎকণ্ঠা আৰু প্ৰত্যশাৰ অৱসান ঘটাই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চাংসাৰি(জালাহ) ৰ ৫৭১ বিঘা ১ কথা ১৫ লেচা ভূমিত প্ৰস্তাৱিত প্ৰস্তাৱিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিস্থানৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খন খাৰিজ কৰাত বুধবাৰে অঞ্চলটোৰ লগতে উত্তৰ কামৰূপত আনন্দিত হৈ পৰে ৰাইজ।

সেউজ ন্যায়াধিকৰণে চাংসাৰিৰ এই ভূমি উপযুক্ত নহয় বুলি ইয়াত এই উচ্চস্তৰীয় প্ৰতিষ্ঠানখন স্থাপন কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনখন খাৰিজ কৰাৰ খবৰ পোৱাৰ পিছত পুৱাই অঞ্চলটোৰ বহু সংখ্যক লোকে ৰাজ পথলৈ ওলাই আহি মতলীয়া হৈ পৰে। আনন্দত আত্মহাৰা হৈ পৰা গীত-নৃত্য পৰিবেশনৰ লগতে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৰুসজাইত বুটাম টিপি চাংসাৰিত প্ৰস্তাৱিত এইমছৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰাৰ পাছতে অসমৰ লগতে সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে এক সুখবৰে প্ৰভাৱ বিৰাজ কৰিছিল যদিও পাছত বিষয়টো পণবন্দী হৈ পৰিছিল সেউজ ন্যায়াধিকৰণৰ মজিয়াত।

যাৰ ফলত প্ৰতিষ্ঠানখনৰ নিৰ্মাণৰ কাম স্থগিত ৰাখিবলৈ বাধ্য হৈছিল চৰকাৰে। ২০১৬ বৰ্ষৰ অক্টোবৰত ৰহাত এইমচ নিৰ্মানৰ দাবীত আৰু প্ৰস্তাৱিত চাংসাৰিৰ প্ৰস্তাৱিত ভূমি জলাশয়, প্ৰদূষণ মুক্ত এলেকাকে ধৰি কেতবোৰ নীতিবাচক বিষয় উত্থাপন কৰি তিনি গৰাকী ব্যক্তিয়ে মধ্য অসম এইমচ নিৰ্মান দাবী সমিতিৰ হৈ কলিকতাৰ সেউজ ন্যাধিকৰণৰ মজিয়াত আবেদন কৰিছিল। অৱশেষত বহু যুক্তি বিতৰ্ক তথা জল্পনা কল্পনাৰ অন্ত পেলাই এবছৰ পাছত ১৩ নৱেম্বৰত তেওঁলোকৰ আৱেদন খাৰিজ কৰি চাংসাৰিৰ সপক্ষে সেউজ সংকেত প্ৰদান কৰে।