এই চৰকাৰ আৰু এবছৰ থাকিলে আমাৰ অৱস্থা কেনেকুৱা হ’ব সেই কথা আপোনালোকে অনুমান কৰক

newsnextone.com | তেজপুৰঃ এই চৰকাৰ আৰু এবছৰ থাকিলে আমাৰ অৱস্থা কেনেকুৱা হ’ব সেই কথা আপোনালোকে নিজেই অনুমান কৰি লওক৷ এই সংগ্ৰাম চমু নহয় এই সংগ্ৰাম হ’ব দীঘলীয়া৷ এই সংগ্ৰাম হ’ব গণতান্ত্ৰিক আৰু হিন্দু-মুছলমানৰ বিৰুদ্ধে কাজিয়া লগাব খোজাসকলৰ বিৰুদ্ধে৷ সোমবাৰে তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বৃহৎ সমদল আৰু গণ সমাবেশত অংশ লৈ এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই৷

তেজপুৰৰ ঐতিব্যমণ্ডিত জয়মতী পথাৰৰ পৰা উলিওৱা সমদলৰ পূৰ্বে অনুষ্ঠিত এখন সভাত কেইবা হাজাৰ লোকৰ উপস্থিতিত ভাষণ প্ৰদান কৰি সাংবাদিকগৰাকীয়ে  আজি বিজেপিৰ হাতত কোনো এজেণ্ডা নাই বুলি কৈ ইতিমধ্যে তেওঁলোক ধনিক শ্ৰেণীৰ পকেটক সোমাই গৈছে বুলি কয়৷ বিজেপি এতিয়া অনা-অসমীয়াৰ পকেটক সোমাই গৈছে৷ খিলঞ্জীয়া মানুহৰ ভোট লৈ তেওঁলোকে এতিয়া খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে বুলি কয় ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, অসম চুক্তি ৰূপায়নৰ দাবীত অনুষ্ঠিত সভাত সাংবাদিকগৰাকীয়ে আৰু কয় ‘‘আজি বহু ষড়যন্ত্ৰ হৈছে৷ তেজপুৰৰ ৰাইজৰ সচেতনতাৰ বিষয়ে কোনো সন্দেহ নাই৷ খিলঞ্জীয়া মানুহৰ ভোট লৈ তেওঁলোকে এতিয়া খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে৷ এই চৰকাৰ আৰু এবছৰ থাকিলে আমাৰ অৱস্থা কেনেকুৱা হ’ব সেই কথা আপোনালোকে নিজেই অনুমান কৰি লওক৷’’

ইমানে নহয় ভূঞাই আৰু কয় যে মই এজন নেতাক সুধিছো হিন্দু বাংলাদেশী আহিব, ইয়াত ৰাখিব তেওঁলোকে কি ভাষা কব৷ বিজেপি সকলক সুধিছো কি ভাষা কব৷ বঙালী ভাষা কব৷ অসমত হিন্দু-মুছলমানে মিলি অসমত বাংলা ভাষা আৰম্ভ কৰিব৷ অসমীয়া ভাষা শেষ হৈ যাব৷ অসমে এজন শিক্ষামন্ত্ৰী পালো৷ কোনোবাই তেওঁক বহুবল্কী বুলি কৈছে৷ তেওঁ হিমন্ত বিশ্ব শৰ্মা৷ সিদিনা লৈকে কংগ্ৰেছত থাকি সকলো অপকৰ্মৰ অংশীদাৰ আছিল৷ আজি বিজেপিলৈ গৈ জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে৷ 

আমি সকলোৱে বিচাৰিছিলো পৰিৱৰ্তন৷ আমি কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছিলো৷ কিন্তু আমি ভবা নাছিলো তেওঁলোকে প্ৰতিশ্ৰুতি নিদিয়া বিষয়ত লাগি থাকিব৷ ৰাইজৰ দ্বাৰা কৰা এইবোৰৰ প্ৰতি তথাকথিত চৰকাৰৰ ভ্ৰুক্ষেপ নাই৷ সিদিনা সৰ্বানন্দ সোণোৱালে সম্পাদকসকলক মাতি নিয়াত কৈছিলো আপোনাক অসমৰ ৰাইজে সৰ্বোচ্চ আসনত বহুৱাইছে৷ নৰেন্দ্ৰ মোডীয়ে আপোনাক দিব লগা একো নাই৷ আপোনালোকৰ জনপ্ৰিয়তা কমি আহিছে৷ আপুনি মনে মনে থকাৰ কাৰণে মানুহে আপোনাক সন্দেহ কৰি আছে৷ 

তেখেতে সম্পাদকসকলৰ সহায় বিচাৰিছে৷ আমি কৈছিলো আমি সহায় কৰিম আপুনি প্ৰথমে হিমন্ত বিশ্ব, শিলাদিত্য, ৰাজেন গোহাঁইৰ দৰে লোকক প্ৰথমে নিয়ন্ত্ৰণ কৰি লওঁক৷ তাৰ পিছত আমি আমাৰ দায়িত্ব পালন কৰিম৷ এতিয়া সম্প্ৰদায়িক শক্তি এটা এজেণ্ডা হৈছে৷ তেওঁলোকে সকলোৰে মাজত সোমাই মানুহক ভাত-কাপোৰৰ কথা পাহৰাই কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে৷ আমাৰ সম্পদৰ ওপৰত অধিকাৰ নাই৷ অসমত বহু অন্যায় কৰা হ’ল৷ অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰা হ’ল হ’ল বুলি কয় জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই৷ 

গণ বিক্ষোভ কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত আছুৰ নেতৃত্বত বিশাল গণ সমদল যাত্ৰা অনুষ্ঠিত হয়। শোণিতপুৰ জিলা আছু আৰু তেজপুৰ মহকুমা-আঞ্চলিক সমিতিৰ উদ্যোগত তেজপুৰ জয়মতী পথাৰৰ পৰা আৰম্ভ কৰা বিশাল গণ সমদল যাত্ৰাত জাতীয়-জনগোষ্ঠীয় বিভিন্ন সংগঠনে অংশ গ্ৰহণ কৰ৷ সমদল আৰম্ভ কৰাৰ পূৰ্বে জয়মতী পথাৰত অনুষ্ঠিত সভাত বিশিষ্ট সাংবাদিক অজিত ভুঞা, সদৌ অসম ছাত্ৰ সন্থাৰ নেতা দুলদুল বৰকটকী, পৰিঞ্জান ভুঞাৰ লগতে বিশিষ্ট শিক্ষাবিদ, ২০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰে৷