
নাৰায়ণপুৰঃ জিঅ'ৰ সফল জনপ্ৰিয়তাৰ পাছত জিঅ'ৰ লগত ফেৰ মাৰিবলৈ গৈ গ্ৰাহক সকলক আভুৱা ভৰিছে এয়াৰটেল টেলিকম কোম্পেনীয়ে। বিভিন্ন সময়ত জিঅ'ৰ ধামাকা উপহাৰবোৰ দেখি এয়াৰটেলেও গ্ৰাহক বৃদ্ধি কৰাৰ মানসেৰে কেইবাটাও ভুৱা সীমাহীন উপহাৰৰ কথা ঘোষণা কৰিছিল।
উপহাৰ মৰ্মে এয়াৰটেলে ৭০ দিনৰ বৈধ্যতাৰ সৈতে ৭০ দিন সীমাহীন কথা আৰু প্ৰতিদিন ১ জিবি ডাটাকৈ ৭০ জিবি ডাটাৰ ৩৯৯ টকীয়া এটা ৰিচাৰ্জ পেক ঘোষণা কৰিছিল। আকৰ্ষণীয় উপহাৰ দেখি সৰহ সংখ্যক গ্ৰাহকে ৩৯৯ টকা ৰিচাৰ্জ কৰিছিল।
আশ্চৰ্যজনক কথা যে, অতি মাত্ৰাত কথা পতা লোক সকল দুদিন কথা পতাৰ পিছতে বিপাঙত পৰিবলৈ ধৰে। কিয়নো কল কৰিলেই এয়াৰটেল কোম্পনীপৰ ফালৰ পৰা উপলব্ধ টকটাইম ৰাশী নাই বুলি কয়৷
শেষত উপায়ন্তৰ হৈ গ্ৰাহক সকলে গ্ৰাহক সেৱাৰ লগত কথা পতাতহে বুজি উঠে যে ভুৱা সীমাহীনৰ প্ৰতিশ্ৰুতিৰ আঁচনি খনত সাপ্তাহিক অধিকতম ১২০০ মিনিট আৰু নিৰ্ধাৰিত ৭০ দিনত অধিকতম ৩০০০ মিনিটহে কথা পাতিব পৰা যায়।
অতি কৌশলেৰে সীমাহীন কথাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি গ্ৰাহক সকলক এইদৰে প্ৰলোভন দিয়াত এয়াৰটেল টেলিকম কোম্পানীক লৈ গ্ৰাহক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে বহু গ্ৰাহকে এয়াৰটেল সেৱা এৰি জিঅ' সেৱা নাইবা অন্য টেলিকম সেৱা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।