
কাজিৰঙাঃ অসমীয়াৰ আৱেগ-অনুভূতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সহ ৰাজ্যৰ ৪ ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ, শিৱদ’লক ভাৰত চৰকাৰে চোৱা চিতাৰ কৰাৰ দায়িত্ব জেটিআই গ্ৰুপ আৰু জাংগল ট্রেডার্চ ইণ্ডিয়াক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ৰাইজ জাঙুৰ খাই উঠিছে৷ ব্যক্তিগত প্ৰতিষ্ঠান জেটিআই গ্ৰুপক কেন্দ্ৰীয় চৰকাৰৰ Adopt A Heritage আঁচনিৰ অধিনত অসমৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ গতাই দিয়াৰ সিদ্ধান্ত আলোচনা পন্থী আলফা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু আদিয়ে তীব্ৰ বিৰোধিতা কৰিছে৷
এশিঙীয়া গঁড়ৰ আৱাসস্থলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত খণ্ডক কোনে কাৰণত গতাই দিয়াৰ সমৰ্থনত নাই বুলি দল-সংগঠনে স্পষ্ট কৰে৷ তাৰ মাজতে আছুৰ নেতৃত্বত বুধবাৰে ৰাজপথলৈ ওলাই আহি অসম-ভাৰত চৰকাৰক কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমৰ ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আছুৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷
আছুৰ উদোগত বিভিন্ন সংগঠনৰ নেতা কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি কোনো কাৰণত অসমৰ ঐতিহ্যক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই নিদিয়াৰ সিদ্ধান্ত লয়৷ কেন্দ্ৰীয় চৰকাৰৰ Adopt A Heritage নামৰ আঁচনিৰ অধিনত অসমৰ ৪ ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ, শিৱদ’ল আৰু কাজিৰঙা ৰাষ্টীয় উদ্যান ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচৰাৰ সিদ্ধান্ত বাতিল নকৰিলে আছুৱে বহি নথকাৰ হুংকাৰ প্ৰদান কৰে৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, গোলাঘাট জিলাৰ ছাত্ৰ সন্থা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাজিৰঙাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ চৰকাৰক হেতালি নেখেলিবলৈ কৈ তীব্ৰ ভাষাৰে সমালোচনা কৰে দল-সংগঠনসমূহে৷ বুধবাৰে দিনৰ ২ বজাত কেইবাশতাধিক বিভিন্ন সংগঠনৰ নেতা-কৰ্মীয়ে কাজিৰঙাৰ পৰিৱেশ উত্তাল কৰে তোলে৷
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পৰ্যটন মন্ত্ৰীৰ পুত্তলিকাও দাহ কৰি কাজিৰঙাৰ ৰাজ পথ উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ অচ্ছে দিন আনেৱালা হে বুলি কৈ কৈ সৰ্বসাধাৰণ ৰাইজৰ মুৰত মাধমাৰ শোধোৱা মোডী ডাঙৰীয়াই ঐতিহ্য মণ্ডিত লালকিল্লাক ৫ বছৰৰ কাৰণে ২৫ কোটি টকাত ডালমিয়া গ্ৰুপৰ হাতত সঁপি দিয়াৰ পিছত এইবাৰ চকু পৰিছে অসমৰ ঐতিহ্যমণ্ডিত ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুলি কয় প্ৰতিবাদকাৰীসকলে৷
জানিব পৰা মতে জাংগল ট্রেডার্চ ইণ্ডিয়া নামৰ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ চিন্তা চৰ্চা কৰাৰ বিষয়ে অৱগত বুলি কয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত আৰু কাজিৰঙাৰ আঞ্চলিক সমিতিৰ লগতে ছাত্ৰ সন্থাই কাজিৰঙাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক কোনো কাৰণতে বহিৰাগত ব্যক্তিগত খণ্ডৰ হাতত তুলি দিবলৈ দিয়া নহব বুলি দাবী উত্থাপন কৰে৷
কাজিৰঙাৰ কহঁৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা দল-সংগঠনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনতিপলমে গাদী এৰিবলৈও দাবী জনায়৷ বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, পৰ্যটন মন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গানেৰে প্ৰায় ১ ঘন্টা কাজিৰঙাৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠন দুটাই৷ শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে অনাগত দিনত আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠন সমূহে৷