ধেমাজিত আৰ্শ্বাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰিলে যুৱ-ছাত্ৰ পৰিষদে

চিচিবৰগাওঁঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানীয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত থকাৰ সময়তে ৰাজ্যৰ-দল সংগঠন ৰাজ পথলৈ ওলাই আহি মাদানীৰ মন্তব্যৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে সদৰ আঞ্চলিক সমিতিৰ সহযোগত ধেমাজি নগৰৰ মাজমজিয়াত জমিয়তৰ নেতা আৰ্শ্বাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

অসমত অসমীয়াগিৰী নচলিব বুলি কোৱা বক্তব্যৰ বিৰোধিতা কৰাৰ লগতে মাদানীৰৰ প্ৰতিকৃতি দাহ কৰি দুয়োগৰাকীৰে মন্তব্যৰ প্ৰতিবাদ জনায়। মাদানী মুৰ্দাবাদ, মাদানীক গ্ৰেপ্তাৰ কৰক, খিলঞ্জীয়া বিৰোধী শক্তি নিপাত যাওঁক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি সংগঠনটোৱে প্ৰতিবাদ জনায়। কাৰ্যসূচীত জিলা সমিতিৰ ভাৰপ্ৰাত্ব সভাপতি প্ৰিয়াংকু চুতীয়া উপস্থিত থাকি আমি অসমীয়া, অসমত অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ জাতীয়তাবোধ সদায় থাকিব লাগিব বুলি কয়৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, সাংস্কৃতিক সম্পাদক পুলেন দাস, বিত্ত সম্পাদক দ্বিপেন দত্তৰ লগতে সদৰ আঞ্চলিক সমিতিৰ সভাপতি ভুপেন দিহিঙীয়া আৰু সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়া উপস্থিত থাকে৷

স্মৰ্তব্য য়ে, সোমবাৰে দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে  NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ উক্ত সভাত ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সাংবাদিক উপস্থিত থকাৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত আছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷