যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি-সম্পাদকৰ ওদালগুৰি ভ্ৰমণ

ওদালগুৰিঃ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা কন্দ্ৰীয় প্ৰতিনিধিৰ দল ওদালগুৰি জিলা ভ্ৰমণ কৰে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি-সাধাৰণ সম্পাদকে ধৰি প্ৰতিনিধিৰ দলটোৱে ওদালগুৰিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শ্বহীদ ভৱনত এক সাংগঠনিক সভা অনুষ্ঠিত কৰে। সভাত ওদালগুৰি জিলাত সংগঠনটোৰ স্থিতি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় সমিতিখনে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাত বৰ্তমান সময়ত ওদালগুৰি জিলাৰ সমস্যা তথা সংগঠনটোৰ কাম-কাজ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।

সাংবাদিকৰে মুখামুখি হৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সংগঠনটোৰ সাংগঠনিক দিশটো টনকীয়াল কৰাৰ বাবে কেন্দ্ৰীয় সমিতিখনে ৰাজ্য বিভিন্ন জিলা ভ্ৰমণ কৰি আহিছে বুলি কয়। আগন্তুক ৩১ডিচেম্বৰত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা সন্দৰ্ভত মন্তব্য প্ৰকাশকৰি সংগঠনটোৰ সম্পাদকগৰাকীয়ে আমি সকলোৱ এনআৰচিত যাতে এগৰাকী বিদেশীৰ নামো অন্তৰ্ভুক্ত নোহোৱাৰ লগতে এজনো খিলঞ্জীয়াৰ নাম যাতে বাদ নপৰে তাৰ ওপৰত মন দিব লাগিব বুলি কয়।

এখন শুদ্ধ এনআৰচি প্ৰকাশ নোহোৱা পৰ্যন্ত আমাৰ প্ৰত্যেকজন নাগৰিকৰে বহু কৰণীয় কাম আছে। ইফালে অখিল গগৈক চৰকাৰখনে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দোহাই দি ষড়যন্ত্ৰমূৰক ভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰি চৰকাৰখনৰ এনে কাৰ্যক গৰিহনা দিয়ে। চৰকাৰখনে প্ৰতিবাদী কণ্ঠক ৰুদ্ধ কৰাৰ বাবে এনে ধৰণৰ আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে৷

চৰকাৰখনে যাতে ভৱিষ্যতে এনেদৰে প্ৰতিবাদী কণ্ঠ ৰোধৰ চেষ্টা নকৰে তাক সকীয়াই দিয়ে। ইফালে সাহিত্য সভাৰ নিৰ্বাচন সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নত সাধাৰণ সম্পাদক গৰাকীয়ে সভাৰ সাংবিধান অনুসৰি নিৰ্বাচিত সভাপতি-প্ৰধান সম্পাদকে ধৰি সমূহ সদস্যক শুভেচ্ছা জ্ঞাপন কৰি পূৰ্ৱৰ দৰে যাতে সাহিত্য সভা বিতৰ্কৰ পৰা মুক্ত হৈ অসমৰ প্ৰকৃত সমস্যা তথা জাতীয় জীৱনৰ লগতে অসমৰ সাহিত্য, সংস্কৃতি, উত্তোৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভৱেশ কাকতি, সভাপতি পুতুল দত্ত, সহঃ সাধাৰণ সম্পাদক জিতুল ৰাজখোৱাৰ, ওদালগুৰি জিলা সমিতিৰ বিষয়-ববীয়াৰ লগতে জিলাখনৰ কেইবাটাও আঞ্চলিক সমিতিৰ সদস্য উপস্থিত থাকে।