
ডিব্ৰুগড়ঃ চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ, হিন্দু বাংলাদেশী সংস্থাপন ৰোধ, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ জাতিৰ অস্বিত্ব ৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰক প্ৰাধান্য দি আপোচবিহীন সংগ্ৰাম কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ ৰাজ্য খনৰ সংকটৰ কালত অসম অাৰু অসমীয়া জাতিৰ সৰ্বাত্মক স্ব-নিয়ন্ত্রণৰ অধিকাৰ সাব্যস্তকৰণৰ দাবীত জন্মলগ্নৰে পৰা অবিৰত গণতান্তিকভাৱে অান্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অাহিছে৷
কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ মূল সমস্যা সমাধানত গুৰুত্ব নিদি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ, অসমৰ মাটি বৃহওৰ নাগালিমত অৰ্ন্তভূক্ত কৰিবলৈ ব্লু-প্ৰিন্ট ৰচনা কৰিছে বুলি সময়ে সময়ে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সংগঠনটোৱে৷ এইবাৰ সংগঠনটোৱে ৰাইজৰ সৈতে মুখামুখী হোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছে অভিৱৰ্তন৷ অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্তন, দ্বি-নাগৰিকত্ব ব্যৱস্থা আৰু অন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত শনিবাৰে এখন অভিৱৰ্তন অনুষ্ঠিত কৰে। ডিব্ৰুগড় জিলা পুথিভঁৰালত যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অভিৱৰ্তনত সভাপতিত্ব কৰে পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গিৰিন চেতিয়াই।
আনহাতে অভিৱৰ্তনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট লেখক অৰূপ বৰবৰাই কয় যে, অসমত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ কাৰ্যকালত অসমৰ বহুকেইটা জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰা হল যদিও স্বায়ত্ব শাসনৰ নামত ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰৰ দৰেহে পৰিৱেশ হৈছে বুলি কয়। ইপিনে স্বায়ত্ব শাসন পৰিষদ সমূহ একাংশ মুখ্য কাৰ্যবাহী, কাৰ্যবাহী সদস্য-সাধাৰণ সদস্যৰ বাবে সোণৰ কণী পৰা হাঁহলৈহে পৰিণত হৈ পৰাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
আন এগৰাকী নিৰ্দিষ্ট বক্তা তথা বিশিষ্ট লেখক অদিপ ফুকনে ৪০ বছৰৰ পূৰ্বৰ অতি কেন্দ্ৰীক শাসন ব্যৱস্থা এতিয়া অতি মহা কেন্দ্ৰীক শাসন ব্যৱস্থালৈ পৰ্যবসিত হৈছে বুলি ভাষণত উল্লেখ কৰে। তদুপৰি তেওঁ ডিব্ৰুগড়ৰ ৰহমৰিয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টিত হোৱা ৭৮.৪৩ কোটি টকা বৰ্তমান সময়লৈকে কেন্দ্ৰীয় চৰকাৰে মোকোলাই নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি মাহী আইৰ দৃষ্টিৰ বাবেই অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি সমাধান কৰাত হেমাহী কৰাৰ অভিযোগ উত্থাপন কৰিছে। যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, উপ-সভাপতি ৰঞ্জিত চাংমাই, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কণ গগৈ, কাৰ্যনিবাহক সদস্য ভাস্কৰ শংকৰ ৰাজকোঁৱৰকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।