যুৱ-ছাত্ৰ পৰিষদক লাগে মহানগৰীৰ বানৰ স্থায়ী সমাধান

পাঞ্জাবাৰীঃ এজাক বৰষুণতে মহানগৰীৰ ৰাজপথত কৃত্ৰিম বানপানী হোৱাতো নতুন কথা নহয়। কৃত্ৰিম বানপানীৰ ফলত আভিজাত্যৰ গুৱাহাটীত সৃষ্টি হোৱা পৰিবেশ বৰ্ণনা কৰিব নোৱাৰি৷

প্ৰতিবছৰে মহানগৰীৰ কৃত্ৰিম বানপানীয়ে ধন-জনৰ বিস্তৰ ক্ষতি কৰাৰ দৰে বুধবাৰে কৃত্ৰিম বানে ছাত্ৰ সহিতে দুজন লোকৰ প্ৰাণ লয়।

চৰকাৰে স্থায়ী সমাধানৰ বাবে কোনো দিনে গুৰুত্ব দিয়া দেখা নাযায় যদিও চমক সৃষ্টিৰ বাবে হে কাম কৰা দেখা যায়। কংগ্ৰেছ-বিজেপি সকলো যেন ব্যস্ত বোকা ছটিওৱাৰ ৰাজনীতিত।

কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান তথা দুখ-দূৰ্দশাৰ কথা ভাবিবলৈ আহৰি নাই দিছপুৰৰ মচনদ দখল কৰা সকলৰ। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতি আৰু লালুং গাঁও শাখা সমিতিৰ অৰ্ধ শতাধিক সদস্যই মহানগৰীৰ কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান বিচাৰি মহানগৰীৰ লালুংগাৱত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।

সংগঠনটোৱে গড়চুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে কামৰূপ(ম) জিলা উপায়ুক্তলৈ কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক চন্দন ঠাকুৰীয়াই৷ কাৰ্য্যসূচীত মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰ উপস্থিত থাকে।