
newsnextone.com | ডিব্ৰুগড়ঃ নগাঁও জিলাৰ ৰহাত মুম্বাইৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে ১২ জুলাইৰ পুৱাৰে পৰা পুনৰ টোলগে’ট আৰম্ভ কৰে। জানিব পাৰ মতে, এবাৰ পাৰ হলে প্ৰতিখন চাৰিচকীয়া বাহনে ১৫০ টকা আদায় দিব লাগীয়া হোৱাৰ লগতে প্ৰতিখন বাণিজ্যিক ট্ৰাক-বাছে প্ৰতিবাৰে আদায় দিব লাগীয়া হৈছে ৫০০ টকাকৈ। ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ নোহোৱাকৈ টোলগে’ট মুকলি কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷
ৰহাৰ টোলগে’ট মুকলি নকৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ পিছতোঁ ৰাইজৰ দাবীক অমান্য কৰি টোলগে’ট আৰম্ভ কৰা কাৰ্যক ধিক্কাৰ দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷
অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পুতুল দত্ত আৰু সম্পাদক পলাশ চাংমায়ে এক বিবৃতি যোগে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ অহাৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতোঁ কৰ-কাটল তোলাৰ লগতে নতুন কৰ নীতি অৱলম্বন কৰাত মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে ৰহাত টোলগে’টে ৰাইজক সৰ্বাশ্ৰাম্ত কৰিব বুলি কয়৷ ইমানে নহয় সংগঠনটোৱে সমগ্ৰ দেশৰ ভিতৰত ৰহাৰ টোলগে’টৰ কৰ লোৱাৰ হাৰ সকলোতকৈ বেছি হোৱা অভিযোগ উত্থাপন কৰে৷
অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পুতুল দত্ত আৰু সম্পাদক পলাশ চাংমায়ে কয় যে ইয়াৰ ফলত ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব৷ অভাৱনীয় গাড়ীৰ ভাড়া বৃদ্ধি হ’ব৷ এই দৃষ্টিৰে চালে ৰহাৰ টোলগে’ট সম্পূৰ্ণ অবৈধ৷ যিটো পথত টোলেগে’ট বহুৱাইছে সেই পথটো নিৰ্মাণ কৰি আছে আৰু বেছি অংশৰ কাম এতিয়াও আৰম্ভ হোৱা নাই বুলি কয়৷
নিৰ্মাণ কৰি থকা পথত এনেদৰে কৰ লোৱা ব্যৱস্থাক যুৱ-ছাত্ৰ পৰিষদে অবৈধ, অযুক্তিকৰ আৰু চৰকাৰে ৰাইজৰ তেজ শুহি খোৱা কাৰ্য কৰা বুলি কয়৷ দেশৰ বিভিন্ন লোকৰ উত্তৰ পূব আৰু অসমৰ লোকে পথৰ কৰ দি আহিছে৷ যদি চৰকাৰক কৰ লাগে তেন্তে পূৰ্বে ঘাইপথ সমূহ ফ’ৰলেনযুক্ত কৰি লোৱাৰ লগতে আন আন পথ মেৰামতি কৰি লৈ টোলগে’ট বহুওৱাক বুলি কয় যুৱ-ছাত্ৰ পৰিষদে৷
যুৱ-ছাত্ৰ পৰিষদে তেল, কয়লা, খনিজ সম্পদ, চাহপাত আদি নীতিবৰ্হিভূৰ্তভাৱে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নি আহিছে বুলি অভিযোগ উত্থাপন কৰি পুনৰ টোলেগে’ট বহুৱাই মাধমাৰ শোধাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক অসমৰ খনিজ সম্পদৰ ৰয়েল্টি লবলৈ বন্ধ কৰিবলৈ নতুবা টোলেগে’ট বহুৱাই টকা লবলৈ বন্ধ কৰক বুলি উভতি ধৰে পৰিষদে৷