
জাগুনঃ কোনাবা চিকিৎসালয়ত যদি চিকিৎসক নাই কোনোবা চিকিৎসালয়ত ৰোগীয়ে চিকিৎসকৰ বাবে বোন্দা পৰি দি ৰৈ থাকিব লগা হৈছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগত এতিয়া অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়ত এতিয়া চিকিৎসক নাৰ্ছৰ অভাৱত ৰোগীয়ে হাহাকাৰ কৰিব লগা হৈঠে৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ চিকিৎসা ব্যৱস্থা অৰাজক পৰিস্থিতিৰ মাজেৰে অতিবাহিত হৈছে৷ কিন্তু ৰাজ্যৰ শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়কে নিৰ্বাচনত শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে৷
চুবুৰীয়া ৰাজ্যত চৰকাৰ গঠনৰ অংকত ব্যস্ত থকা বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে অসমৰ স্বাস্থ্য বিভাগ কোনফালে গতি কৰিছে সেই কথাৰ খবৰ লবলৈ আহৰি নাই৷ খোদ অসমৰ স্বাস্থ্য মন্ত্ৰী ব্যস্ত ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয়ত জোৰা তাপলি মাৰি চৰকাৰ গঠন কৰাত৷ ৰাজ্যৰ জনসাধৰণৰ কি কৈছে সেই খবৰ লবলৈ পাহৰি পেলাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ৰাজ্যৰ বহু ঠাইত নিশাটো দূৰৰ কথা দিনতেই চিকিৎসক বিচাৰি নাপায় ৰাইজে৷ সময় মতে চিকিৎসালয়লৈ নাহে চিকিৎসক-নাৰ্ছ৷ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ জাগুন-বৰডুমছা অঞ্চলতো ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ জাগুনৰ পেঙেৰী বৰডুমছাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ নেতা-কৰ্মীয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ৰাজপথ উত্তাল কৰি তোলে৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সংগঠনটোৱে৷ ১৯৬০ চনত স্থাপন কৰা কঠালগুৰি ৰাজ্যিক চিকিৎসালয় আৰু ২০০৩ চনত স্থাপন কৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসক নাৰ্ছ নিয়োগ নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
ফলত অঞ্চলটোৰ জনসাধৰণে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ সংগঠনটোৱে চিকিৎসালয় দুখনত চিকিৎসক নাৰ্ছ নিয়োগ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ কঠালগুৰি ৰাজ্যিক চিকিৎসালয় আৰু আদৰ্শ চিকিৎসালয়ত উপযুক্ত চিকিৎসক আৰু নাৰ্ছ নিযুক্তি, পেঙেৰী ক্ষুদ্র স্বাস্থ্য কেন্দ্রক ৫০খন বিচনাযুক্ত চিকিৎসালয়ৈ উন্নীত কৰা, অবৈধ ফাৰ্মাচী বন্ধ কৰাৰ লগতে চিকিৎসালয়ৰ পদ সমূহ পূৰণ কৰাৰ দাবী জনাই সংগঠনটোৱে৷