এৰাবাৰীত পৰিণত হৈছে গগৈৰ শাসন কালত লিডুত স্থাপন কৰা ITI, ভৱনত চলে মদৰ আড্ডা

newsnextone.com | লিডুঃ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ৰাজ্যত কাঠফুলাৰ দৰে স্থাপন কৰা হৈছিল শিক্ষা প্ৰতিষ্ঠান৷ সেইবোৰৰ বেছিভাগতেই এতিয়া গৰু-ছাগলী থকা ঘৰ আৰু মদপীৰ আড্ডাস্থল হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চমক সৃষ্টিৰ বাবে এনে অনুষ্ঠান স্থাপন কৰি এতিয়া গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন শিক্ষা মন্ত্ৰীগৰাকীয়েই তৰুণ গগৈৰ কাৰ্যকালৰ পৰা সিদিনালৈ একেৰাহে ১৭ বছৰে শিক্ষা বিভাগৰ দায়িত্বত থাকি ৰাজ্যত স্থাপন কৰা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহক পাঠদান আৰম্ভ কৰাটো দূৰৰ কথা অধ্যাপক নিযুক্তি নিদিয়াৰ লগতে নামভৰ্তি আজিলৈ কৰিব নোৱাৰিলে৷

আনহাতে বিজেপি চৰকাৰে তৰুণ গগৈৰ কাৰ্যকালত স্থাপন কৰা অনুষ্ঠানসমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু শিক্ষানুষ্ঠান গঢ় দিছিল৷ সেই শিক্ষানুষ্ঠানসমূহ চূণ-তেল সানি ভৱন সমূহ সম্পূৰ্ণ কৰি থোৱা আছে যদিও বৰ্তমান এৰাবাৰীত পৰিণত হোৱা দেখা গৈছে৷

কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিভিন্ন কাৰণতেই হওক বৰ্তমানৰ চৰকাৰে শিক্ষানুষ্ঠান সমূহক কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ তেনে এখন শিক্ষানুষ্ঠান হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ মন্ত্ৰী-বিধায়ক-আমোলাৰ মনোযোগৰ অভাৱৰ বাবেই উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ গৃহ সমূহ ধ্বংস হ’ব ধৰিছে৷ ৰাজকোষৰ কেইবালাখ টকা ব্যয় সাপেক্ষে প্ৰাক্তন শক্তি-উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা প্ৰতিষ্ঠানটো জহি-খহি যাব ধৰিছে৷ কংগ্ৰেছ চৰকাৰৰ আমোলত নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ কিছু অংশৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰে৷ তাৰ লগে লগে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো মুকলি কৰিব পৰাকৈ সাজু হৈ উঠিছে যদিও আজিও মুকলি নকৰাত লিডুবাসী ক্ষোভিত হৈ পৰিছে৷

কংগ্ৰেছৰ আমোলত ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷ চিপেগাঁৱত চৰকাৰী ভূমিত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে৷ বিজেপি চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ অহাৰ পিছতো ৰাজনৈতিক কাৰণতে কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰাৰ বাবে চোৱাচিতাৰ অভাৱত ধুমুহা-বৰষুণত শৈক্ষিক প্ৰতিষ্ঠানটো নষ্ট হ’ব ধৰিছে৷

দুৰ্বৃত্তই প্ৰতিষ্ঠানৰ দুৱাৰ-খিৰিকি ভাঙি পেলোৱাৰ লগতে বিভিন্ন অংশ ক্ষতিসাধন কৰে৷ সময়ে সময়ে অৰাজনৈতিক সংগঠনসমূহে শৈক্ষিক প্ৰতিষ্ঠানটো মুকলি কৰি পাঠদান কৰাৰ দাবী জনাই আহিছে যদিও গা-নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ৷

যাৰ ফলত পুনৰ আন্দোলনৰ প্ৰন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৰেলৱে ৰংগমঞ্চৰ প্ৰাংগনত আই টি আই প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত শীঘ্ৰে পাঠদানৰ ব্যৱস্থা কৰিবলৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

সংগঠনটোৱে পৰিৱৰ্তনকামী চৰকাৰখনৰ বিভাগীয় বৰমুৰীয়াসকলৰ লগতে স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাক শীঘ্ৰে প্ৰতিষ্ঠানটোৰ শিক্ষা সেৱা মুকলি কৰিবলৈ দাবী জনায়৷ এই ক্ষেত্ৰত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বিধায়কসকলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি কয়৷ 

স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাই আই টি আই খন কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত ৰাইজক আশ্বাস প্ৰদান কৰি আহিছিল যদিও কাৰ্যত প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ থকা পৰিলক্ষিত হৈছে৷ যাৰ বাবে অাজিও অসম্পূৰ্ণ হৈ থাকিল লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো। সংগঠনটোৰ নেতাগৰাকীয়ে স্থানীয় বিধায়কগৰাকীৰ দুমুখীয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ৰাইজৰ স্বাৰ্থক গুৰুত্ব দিবলৈ আহ্বান জনায়৷ শীঘ্ৰেই উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ নিৰ্মাণৰ আধৰুৱা কাম খিনি সম্পূৰ্ণ কৰি পাঠদান আৰম্ভ কৰিবলৈ দাবী জনায়৷