চৰকাৰে চফ্ৰাইৰ উন্নয়ণ কৰক, অন্যথাই ঘন্টা ঘন্টা ধৰি হাজাৰ হাজাৰ লোকে পথ অৱৰোধ কৰিম

চৰাইদেউঃ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাডী দখল কৰা অগপ, বিজেপি, বিপিএফ মিত্ৰৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে সোমবাৰে চৰাইদেউ জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত চফ্ৰাই আঞ্চলিক সমিতিয়ে ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি চফ্ৰাই অঞ্চলৰ বাট-পথ উন্নয়ণৰ লগতে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাজ্য চৰকাৰে উন্নয়ণৰ পৰিবৰ্তে বাক যুদ্ধত ব্যস্ত হৈ থকা অভিযোগ উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷ গ্ৰাম্য অঞ্চলত একো কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰি চৰাইদেউ জিলাৰ চফ্ৰাই চাৰিআলিত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ নেতা-কৰ্মীয়ে। পশু চিকিৎসাকেন্দ্ৰ নিৰ্মাণ, দিচাং নৈৰ গৰাখহনীয়া ৰোধ কৰা, অভয়পুৰ বনাঞ্চল সংৰক্ষণ কৰা, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উন্নয়নৰ লগতে গ্ৰাম্য অঞ্চলৰ সমূহৰ বাট-পথ উন্নয়ণৰ দাবীত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসূচী ৰুপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

চৰাকৰে অঞ্চলটোৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰিলে সংগঠনটোৱে চফ্ৰাই অঞ্চলৰ হাজাৰ হাজাৰ লোকে ঘন্টা ঘন্টা ধৰি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে বুলি চৰকাৰক সকীয়াই দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।