
ডিব্ৰুগড়ঃ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতায়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ ৰাজ্যৰ শিক্ষা বিভাগৰ অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি চাৰিআলিতো ডিব্ৰুগড় জিলা যুৱ ছাত্ৰ পৰিষদে কাৰ্যসূচী ৰূপায়ন কৰে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কাৰ্যসূচীত উপস্থিত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাৰ সৈতে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াও জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অসম মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত জড়িত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰি বিতৰ্কৰ অৱসান ঘটোৱাৰ চেষ্টা কৰিছে।
অতি চতুৰালিৰে এই জটিল ঘটনাটোৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত নকৰাকৈ সমগ্ৰ ঘটনাটো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ ওপৰতে জাপি দিব বিচাৰিছে। শিক্ষা বিভাগৰ ব্যৰ্থতা আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিলৰ দাবীত সোমবাৰে ডিব্ৰুগড় চৌকিডিঙ্গি চাৰিআলিত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে সংবাদ-মাধ্যমৰ আগত আৰু কয় যে, শিক্ষা ব্যৱস্থাৰ বিসংগতিয়ে জাতীয় জীৱনত প্ৰভাৱ পেলাইছে।
শিক্ষা ব্যৱস্থাৰ লগত অসমৰ সভ্যতা, সংস্কৃতি আৰু সামাজিক জীৱন জড়িত হৈ আছে। শিক্ষা বিভাগটো নিকা হোৱাটো আমি বিচাৰিছো। অসম মাধ্যমিক শিক্ষা সংসদে গঠন কৰি দিয়া অনুসন্ধান সমিতি আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে দাবী উত্থাপন কৰিছে যুৱ-ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইয়ে।
লগতে সমগ্ৰ ঘটনাটোত শিক্ষা উচ্চ পৰ্যায়ৰ বিষয়াসকলেও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি বিষয়াসকলক চিনাক্ত কৰি উপযুক্ত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক দাবী স্মাৰক পত্ৰ প্ৰদান কৰে। আনহাতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ অৰ্ধশতাধিক যুৱ-ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।