নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ

ডিব্ৰুগড়ঃ কেন্দ্ৰ-ৰাজ্যক শাসন কৰি থকা বিজেপি দলে যি কোনো প্ৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰাৰ বাবে সাজু হৈছে৷ আকৌ এবাৰ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ তাৰ মাজতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় নগৰ সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ডিব্ৰুগড় নগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত শনিবাৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উচ্চতম ন্যায়লয়ৰ তত্বাৱধানাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি থকা সময়ত অসম চুক্তিক নস্যাৎ কৰি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে হিন্দু বাংলাদেশী নাগৰিকক নাগৰিকত্ব দিবলৈ উঠি পৰি লগা কাৰ্যক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় নগৰ সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ কৰিব নোৱাৰে আৰু কোনো কাৰণতে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিব খোজা কাৰ্যক কোনো কাৰণত মানি লোৱা নহব বুলি কয়। ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে জাতি মাতি আৰু ভেটিৰ কথা কৈ দিছপুৰ দখল কৰি খিলঞ্জীয়াৰ আধিপত্য নোহোৱা কৰিব বিছৰা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকিয়নি প্ৰদান কৰে যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতি ৰূপম দাস অাৰু সত্যজিৎ শৰ্মাই৷