
গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ গোচৰত কৃষক নেতা অখিল গগৈ জামিন মঞ্জুৰ কৰে গোৱালপাৰাৰ মুখ্য ন্যায়াধীধৰ আদালতে৷ মঙলবাৰে পুৱাৰে পৰা গোৱালপাৰা আদালতত শুনানী আৰম্ভ হৈছিল অখিলৰ জামিন সন্দৰ্ভত৷ অৱশেষত অখিল গগৈৰ জামিন মঞ্জুৰ কৰে আদালতে। বুধবাৰে কৃষক নেতাগৰাকীয়ে গোৱালপাৰা কেন্দ্ৰীয় কাৰাগৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাটো একপ্ৰকাৰ খাতাং হ’ল৷
প্ৰায় তিনি মাহ ৯ দিনৰ মূৰকত অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব বুলি অৱগত হোৱাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী আনন্দিত হৈ পৰে৷ ইতিমধ্যে উজনি-নামনিৰ বিভিন্ন ঠাইৰ পৰা অখিলক আদৰিবৰ বাবে শ-শ লোক গোৱালপাৰালৈ ৰাওঁনা হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে আৰক্ষীয়ে কৃষক নেতা অখিল গগৈক গোৱালপাৰা আদালতত হাজিৰ কৰে৷ ২৪ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক গোৱালপাৰা আদালতে দুদিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল৷
ৰাজ্যত প্ৰতিক্ৰিয়া-প্ৰতিবাদৰ মাজতে কৃষক নেতাজনক ডিব্ৰুগড়ৰ পৰা গোৱালপাৰা জিলা আৰক্ষীয়ে এখন মহাবিদ্যালয়ৰ নামফলক মচি পেলোৱাৰ গোচৰত আটক কৰিছিল গোৱালপাৰা আৰক্ষীয়ে৷ কৃষক নেতাজনক দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত ভিত্তিত আটক কৰিছিল৷ অখিল গগৈৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গোচৰ জাপি দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি থকাৰ সময়তে ২৪ ডিচেম্বৰত আদালতে জামিন দিয়াৰ পিছতো গোৱালপাৰা আৰক্ষীয়ে আটক কৰিছিল৷
ৰাজ্য চৰকাৰে এটাৰ পিছত এটা গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক জেলত আৱদ্ধ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন হয়৷ যোৱা ১৩ ছেপ্তেম্বৰত নিজ ঘৰৰ পৰা আটক কৰি আনি ৰাজ্য চৰকাৰে জেলত বন্দী কৰে৷ অখিল জেলত বন্দী হৈ থকাৰ মাজতে একেটা মাহৰে ২৫ ছেপ্তেম্বৰত অখিলে যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছিল চৰকাৰে৷
২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছিল৷ ২২ ডিচেম্বৰত ডিব্ৰুগড় আদালতে অখিলক জামিন দিয়ে৷ ৰাজ্য চৰকাৰ তাৰ পিছতো বহি নাথাকিল৷ পুনৰ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰি গোৱালপাৰালৈ লৈ আহে৷ দেওবাৰে গোৱালাপাৰ আদালতত কৃষক নেতাগৰাকীক আৰক্ষীয়ে হাজিৰ কৰে৷ আৰক্ষীয়ে নিজৰ জিম্মাত অখিলক নিবিচাৰিলেও আদালতে অখিলক ২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷