কিয় আত্মহত্যা নকৰিলে সদ্য কাৰামুক্ত অখিল গগৈয়ে?

গোৱালপাৰাঃ ‘যিকোনো মুহূৰ্ততে মোক হত্যা কৰা হ’ব পাৰে৷ হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত যিদৰে মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছিল, ঠিক তেনে পৰিস্থিতিৰ সৃষ্টি কৰিছে জাতি-মাটি-ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে৷ বাৰে বাৰে মোৰ ওপৰত গোচৰ জাপি দি তেওঁলোকে আৰক্ষীৰ জৰিয়তে মোক পলাবলৈকে হেঁচা দি আহিছে৷ যাতে আৰ এছ এছ-বিজেপিয়ে মই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা বুলি অপ-প্ৰচাৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু এই অখিল গগৈ পলায়ন কৰা বিধৰ মানুহ নহয়৷’- এন এছ এ মুক্ত হোৱাৰ পিছত গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ গোচৰতো জামিন লাভ কৰি বুধবাৰে মুকলি আকাশৰ তললৈ আহি সাংবাদিকৰ সমুখত এইদৰে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে৷ 

দুধনৈ গোচৰত জামিন লাভ কৰাৰ পিছতে পুনৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ আন দুটা গোচৰত গ্ৰেপ্তাৰ কৰিবলৈকো চৰকাৰে যো-জা চলাই আছে বুলিও জানিবলৈ দিয়ে কৃষক নেতাগৰাকীয়ে৷

‘মোক সৰ্বা আৰু হিমন্তই ভয় কৰে৷ সেয়ে বাৰে বাৰে তেওঁলোকে এনেদৰে ভুৱা গোচৰ জাপি দি আহিছে৷ এই চৰকাৰখনে এনেদৰে নিজৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে৷ ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজ সচেতন হ’ব লাগিব৷ মই বিগত সময়ছোৱাত যি দিন কটাইছো সেই দিন আন বহুতে পোৱা হ’লে আত্মহত্যা কৰিবলৈ বাধ্য হ’লহেতেন৷ পিছে মই ইমান সহজতে ভাগি নপৰো৷ ১৯৯২-৯৩ চন মানৰ পৰাই মই সংগ্ৰামৰ পথাৰখনত ভৰি থৈছো৷ তেতিয়াৰ পৰা মই মানুহৰ হৈ কাম কৰি আহিছো৷ গতিকে মোৰ ভয় নাই৷ মানুহৰ কাম কৰিবলৈ কিহৰ ভয়?’-অখিলে কয়৷

উল্লেখ্য যে আজি অইন দিনৰ তুলনাত কৃষক নেতাগৰাকীয়ে যথেষ্ট কোমল সুৰত সংবাদ মাধ্যমৰ সমুখত নিজৰ মন্তব্য ব্যক্ত কৰা পৰিলক্ষিত হয়৷ কাৰাগাৰৰ পৰা ওলায়েই সংবাদ মাধ্যমৰ সমুখত প্ৰথমে তেওঁ ৩১ ডিচেম্বৰৰ এন আৰ চিৰ খচৰা প্ৰকাশৰ প্ৰসংগ উল্লেখ কৰে৷ প্ৰতিজন অসমবাসীক তেওঁ ৩১ ডিচেম্বৰৰ দিনটোলৈকে ধৈৰ্য আৰু শান্তি বজাই ৰাখিবলৈকে আহ্বান জনায়৷ ৩১ ডিচেম্বৰৰ পিছতো একেদৰে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈকো আহ্বান জনায় কৃষক নেতাগৰাকীয়ে৷ যদিহে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা নহয়, তেন্তে এইকেইদিন তেওঁ এন আৰ চি সম্পূৰ্ণ শুদ্ধকৈ প্ৰকাশ পোৱাৰ বাবে কাম কৰি যাব বুলিও সদৰী কৰে৷

অৱশ্যে কোনো কাৰণতে ১৯৭১ চনৰ পিছত অহা কোনো ধৰ্মৰে বিদেশী নাগৰিকক নাগৰিকত্ব দিয়াতো কৃষক মুক্তিয়ে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে অখিলে৷ কোনো কাৰণতে যাতে নাগৰিকত্ব আইন সংশোধনী হ’ব নোৱাৰে তাৰ বাবে সমগ্ৰ অসমতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক জানিবলৈ দিয়ে কৃষক মুক্তিৰ নেতাগৰাকীয়ে৷ 

‘১৯৭১ চনৰ পূৰ্বে অহা হিন্দুৱেই হওক, মুছলমানেই হওক বা খ্ৰীষ্টান সকলোৱে অসমত শান্তিপূৰ্ণভাৱে বাস কৰিব৷ কিন্তু ১৯৭১ চনৰ পিছত অহা হিন্দুৱেই হওক বা মুছলমান বা খ্ৰীষ্টান কোনো লোককে নাগৰিকত্ব দিয়াতো মানি লোৱা নহ’ব৷ তেওঁলোকক নিজৰ নিজৰ দেশলৈ ঘূৰি যোৱাত সহায় কৰিবলৈ আমি প্ৰয়োজনত সেই দেশৰ চৰকাৰ সমূহৰ সৈতে কথা পাতিম৷ চৰকাৰকো বিদেশী প্ৰত্যাৰ্পণ সন্দৰ্ভত ব্যৱস্থা ল’বলৈকে আহ্বান জনাম৷’-এইদৰে কয় অখিল গগৈয়ে৷

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া আৰু জাতীয় নায়ক হৈ থকা নাই বুলিও মত ব্যক্ত কৰে কৃষক নেতাগৰাকীয়ে৷ ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া আৰু জাতীয় নহয়৷ তেওঁ এতিয়া দিল্লীৰ বহতীয়া৷ নাগপুৰৰ পুতলা৷ তেওঁক এতিয়াও কোনোৱে যদি জাতীয় নায়ক বুলি ভাবে সেয়া হ’ব চূড়ান্ত ভুল৷’-সোণোৱালৰ পৰিৱৰ্তে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ ৰঞ্জন গগৈক জাতীয় নায়ক আখ্যা দি এইদৰে কয় সদ্য কাৰামুক্ত নেতাগৰাকীয়ে৷
‘জাতীয় নায়ক এই মুহূৰ্তত এজনেই আছে, সেইজন হৈছে ন্যায়াধীশ ৰঞ্জন গগৈ৷ তেখেতে এটা কঠোৰ পেছাৰ মাজত থাকিও অসমৰ হৈ কাম কৰিছে৷ অসমবাসীৰ সপোনক বাস্তৱ ৰূপ দিছে৷ গতিকে জাতীয় নায়ক ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াহে৷ সোণোৱাল নহয়৷ সোণোৱালে মুখ্যমন্ত্ৰী হৈয়ো অসমখনক তথা অসমীয়াক ৰক্ষা কৰাৰৰ পৰিৱৰ্তে অইনৰ হাতত তুলিহে দিছে৷’-জাতীয় নায়ক সন্দৰ্ভত অখিলৰ তীৰ্যক মন্তব্য৷

দিল্লী তথা আৰ এছ এছৰ বহতীয়া হৈ সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্বৰ লগ হৈ অসমীয়া ভাষা-সংস্কৃতি ধ্বংস কৰি উত্তৰ ভাৰতৰ সংস্কৃতি ইয়াত জাপি দিবলৈ ষড়যন্ত্ৰ কৰাৰো অভিযোগ তোলে কৃষক নেতাগৰাকীয়ে৷ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মাতি অহা বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজনকে বন্দী কৰিবলৈ ন্যায়ালয়ৰ মজিয়াত মুখ থেকেছা খোৱাৰ পিছতো ফেচিষ্ট চৰকাৰখনে চেষ্টা কৰি গৈছে বুলিও মন্তব্য কৰে অখিলে৷

‘মোক তেওঁলোকে জেলত ভৰাই থোৱাৰ লক্ষ্য কৰি লৈছে৷ মই বাহিৰত থাকিলে তেওঁলোকৰ ষড়যন্ত্ৰ ওলাই পৰিব বুলি ভয় কৰে৷ মোক হত্যা কৰাও হ’ব পাৰে৷ বহুতে এনেকৈ ক’লে অখিলে প্ৰলাপ বকিছে বুলিও ভাবিব পাৰে৷ কিন্তু মই যি পৰিস্থিতিৰ সন্মুখীন হৈছো তাৰ পৰা সেয়াই অনুমান হয়৷ মোক গোলাঘাটৰ ঘৰৰ পৰা ধৰি নিওতে অজ্ঞাত পথেৰে লৈ যোৱা হৈছিল৷ গোৱালপাৰালৈ আহোতেও একেই কথা৷’-অখিলৰ মন্তব্য৷

‘এই মুহূৰ্তত মোক যদি কোনোৱে গুলীয়াই মাৰে বা ট্ৰাকেও খুন্দিয়াই মাৰে তেন্তে সেয়া নিশ্চিত যে মোক সৰ্বানন্দ সোণোৱাল চৰকাৰে হত্যা কৰিছে৷ অসমৰ ৰাইজে মোক হত্যা নকৰে৷ কাৰণ মই সদায় ৰাইজৰ হৈ মাত মাতি আহিছো৷ মোক হত্যা কৰিলে চৰকাৰ নতুবা তেওঁলোকৰ উগ্ৰ সমৰ্থক, আৰ এছ এছ, বজৰং আদিয়ে হত্যা কৰিব৷ সেয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গাদী দখল কৰিয়েই প্ৰথমে মোৰ পৰা ন্যায়ালয়ে দিয়া দেহৰক্ষী উঠাই লৈছিল৷ মোক হত্যা কৰিলেই যেন তেওঁলোকে নিজৰ অভিষ্ট সিদ্ধি কৰিব পাৰিব৷ পিছে ইমান সহজ নহয়৷ আমাৰ সংগ্ৰাম চলি যাব৷ এই অখিলে কাৰো সৈতে কম্প্ৰমাইজ নকৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইমান সহজে হাৰ নামানে৷ এয়া সৰ্বা-হিমন্তই জানি থোৱা উচিত৷’-কোমল সুৰেৰে অলপ উদ্বেগেৰে এইদৰে কয় অখিলে৷

ইফালে দুধনৈৰ গোচৰত মুক্তি লাভ কৰাৰ পিছতে সহস্ৰাধিক কৃষক মুক্তিৰ সদস্যই প্ৰিয় নেতাগৰাকীক লগ কৰিবলৈ যো-জা চলাইছিল যদিও গোৱালপাৰা জিলাৰ ভিন্ন স্থানত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰি বিভিন্ন স্থানত সংগঠনটোৰ সদস্যসকলক বাধা প্ৰদান কৰাৰ বাতৰি পোৱা গৈছে৷ অখিল গগৈয়ে কোনো কাৰণতে যাতে সমৰ্থকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব নোৱাৰে তাৰ বাবেই চৰকাৰ-প্ৰশাসনে এই ব্যৱস্থা হাতত লৈছে বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে৷