কৃষক নেতা অখিল গগৈ গুৰুতৰভাৱে অসুস্থ, চিকিৎসালয়ত ভৰ্তি

গুৱাহাটীঃ কৃষক নেতা অখিল গগৈয়ে শনিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ শুকুৰবাৰে কাজিৰঙা অৰ্কিড উদ্যানৰ পৰা নিজ ঘৰত উপস্থিত হৈছিল গগৈয়ে৷

তাৰ পিছতে শনিবাৰে হঠাৎ নিজ ঘৰত থকাৰ সময়তে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত প্ৰথমে নিজ ভৰতে চিকিৎসা কৰে যদিও পৰিয়ালে কিছু সময় পিছতে কৃষক নেতা অখিল গগৈক গোলাঘাটৰ কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷

জানিব পৰা মতে, মেলেৰিয়াত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে। প্ৰায় ১ ঘন্টা ধৰি চিকিত্সকৰ পৰীক্ষা-নীৰিক্ষা কৰি থকা বুলি জানিব পৰা গৈছে৷

যোৱা ২৬ ডিচেম্বৰত গোৱালপাৰাৰ মুখ্য ন্যায়াধীধৰ আদালতে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ গোচৰত কৃষক নেতা অখিল গগৈক জামিন মঞ্জুৰ কৰে৷

২৭ ডিচেম্বৰত কৃষক নেতাগৰাকীয়ে গোৱালপাৰা কেন্দ্ৰীয় কাৰাগৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছিল৷ প্ৰায় তিনি মাহ ৯ দিনৰ মূৰকত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পিছতে অসুস্থ হৈ পৰে৷