
কাজিৰঙাঃ অসমীয়া জাতিৰ আৱেগ-অনুভূতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদ’লক ভাৰত চৰকাৰে চোৱা চিতাৰ কৰাৰ দায়িত্ব জেটিআই গ্ৰুপ আৰু জাংগল ট্রেডার্চ ইণ্ডিয়াক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত প্ৰবল প্ৰতিবাদ অব্যাহত আছে৷ ব্যক্তিগত প্ৰতিষ্ঠান জেটিআই গ্ৰুপক কেন্দ্ৰীয় চৰকাৰৰ Adopt A Heritage আঁচনিৰ অধিনত অসমৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ গতাই দিয়াৰ সিদ্ধান্তক অসমৰ প্ৰতিটো দল-সংগঠনে বিৰোধিতা কৰে৷ আলোচনা পন্থী আলফা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু, হিৰোধী কংগ্ৰেছ আদিয়ে তীব্ৰ বিৰোধিতা কৰিছে৷
এশিঙীয়া গঁড়ৰ আৱাসস্থলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত খণ্ডক কোনে কাৰণত গতাই দিয়াৰ সমৰ্থনত নাই বুলি দল-সংগঠনে স্পষ্ট কৰে৷ তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ৰাজ পথলৈ ওলাই আহে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি অসম-ভাৰত চৰকাৰক অসমৰ ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শুকুৰবাৰে গোলাঘাট জিলাৰ
বিভিন্ন প্ৰান্তৰ পৰা শ-শ লোক ওলাই আহি
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কজিৰঙাৰ কঁহৰা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ আপুৰুগীয়া ঐতিহ্যসমূহ অসমীয়াৰ সম্পদ হৈ থকাৰ স্বাৰ্থত আৰু পৰ্যটন বিভাগে ব্যক্তিগত খণ্ডক চোৱা-চিতাৰ দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য এজন উপদেষ্টা বেদান্ত লস্কৰ, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভানেত্ৰী বিমলা গগৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদুৎ শইকীয়াৰ নেতৃত্বত সহস্ৰাধিক কৃষক আৰু ছাত্ৰই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাৰ মূল প্ৰবেশদ্বাৰত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰৌয়ে অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কম্পেনীক এৰি দিয়া নহব, আমাৰ ঐতিহ্যক্ষেত্ৰত ব্যক্তিগত কোম্পেনীৰ হস্তক্ষেপ নচলিব, ৰাজ্যৰ সম্পদৰ ওপৰত কেন্দ্ৰৰ হস্তক্ষেপ বন্ধ কৰক, কাজীৰঙা ৰাষ্ট্ৰীয় উদ্যান এৰি দিয়া নহব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো কোম্পানীক সোমাবলৈ দিয়া ন'হব, কোম্পেনীৰ দালালি কৰা কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে কাজিৰঙা উত্তাল কৰি তোলে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছতে জেটিআই নামৰ সংস্থাটোৱে সংবাদমেল অনুষ্ঠিত কৰে। জাংগল ট্ৰেভেলচ অৱ ইণ্ডিয়া চমুকৈ জে টি আইৰ অধীনৰ কাজিৰঙাত থকা ডিফলু ৰিভাৰ ল’জত অনুষ্ঠিত কৰা সংবাদ মেলত জে টি আইৰ পৰিচালন সঞ্চালক আশিস ফুকনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক নহয় বৰং উদ্যনৰ সমীপৰ পৰ্যটন ক্ষেত্ৰকহে কেন্দ্ৰীয় চৰকাৰে জাংগল জে টি আইক প্ৰদান কৰিব বুলি কয়।
সংবাদমেলত আশিস ফুকনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বাতৰি ভুলকৈ প্ৰকাশ হৈছে বুলি কয়। সম্পূৰ্ণ বিষয়বস্তু তুলি ধৰাৰ বিপৰীতে আংশিকভাৱে তুলি ধৰাৰ বাবেই ৰাইজ বিভ্ৰান্ত হৈছে বুলি কয়। কাজিৰঙা উদ্যানৰ দাতি কাষৰীয়া ঠাইৰ পৰ্যটন ক্ষেত্ৰ সমূহক ব্যক্তিগত খণ্ডৰ অধীনলৈ যোৱাৰ পিছতে পৰ্যটন ক্ষেত্ৰৰ উন্নতি হ'ব বুলি কয়।
ইয়াৰ ফলত কাজিৰঙালৈ যথেষ্ট পৰ্যটকৰ আগমন ঘটিব আৰু স্থানীয় নিবনুৱাক সংস্থাপন দিয়াত হায়ক হ'ব বুলি কয়। জে টি আইৰ মহাপ্ৰৱন্ধক ৰণেশ ৰয় আৰু ডিফলু ৰিভাৰ ল’জৰ পৰিচালক বিজয় বৰুৱাৰ উপস্থিতিত আশিস ফুকনে কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী কাজিৰঙালৈ আহোতে কাজিৰঙা পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়নৰ আলোচনা কৰা হৈছিল।
কেন্দ্ৰীয় মন্ত্ৰী কাজিৰঙালৈ অহাৰ সময়ত কাজিৰঙাৰ পৰ্যটন উদ্যোগটোক গতি দিয়াৰ উদ্দেশ্যে ব্যক্তিগত খণ্ডৰ বিভিন্ন পৰ্যটন ব্যৱসায়ীৰ পৰা পৰামৰ্শ বিচাৰিছিল৷ সেই পৰামৰ্শৰ ভিত্তিতে কাজিৰঙাৰ পৰ্যটনৰ উত্তৰণৰ স্বাৰ্থত জে টি আইয়ে কেন্দ্ৰীয় চৰকাৰক লিখিত প্ৰস্তাৱ প্ৰদান কৰে৷ সেই মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাত ৫০ একৰ চৰকাৰী ভূমিত কেন্দ্ৰীয় ভিত্তিত যাদুঘৰ নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিয়া বুলি কয়। আঁচনি প্ৰস্তুত কৰাৰ পূৰ্বেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকক তত্বাৱধায়ক হিচাপে লৈ স্থানীয় ৰাইজক অন্তৰ্ভুক্ত কৰি ৰাইজৰ সহযোগত কাজিৰঙা উন্নয়ন সমিতি গঠন কৰা হ'ব বুলি কয়।
চৰকাৰে নিৰ্মাণ কৰা যাদুঘৰত ফাইভ ডি সুবিধা থকা অপেন থিয়েটাৰৰ ব্যৱস্থা কৰি কাজিৰঙা সন্দৰ্ভত তথ্য পৰ্যটকৰ সন্মুখত তুলি ধৰা হ'ব। যাদুঘৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে থলুৱা খাদ্য-সম্ভাৰৰ প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। আনহাতে, আঁচনিৰ পৰা হ'বলগীয়া লাভেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ লগতে পৰ্যটন ক্ষেত্ৰৰ সামগ্ৰিক উন্নতি সাধন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে আশিস ফুকনে কয় যে সেয়া অতি বাস্তৱ সন্মত আৰু শুদ্ধ সিদ্ধান্ত৷
অসম চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ অৱগত নহয় কাৰণেই হয়তো চৰকাৰী ভাৱে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই আঁচনি জে টি আইক প্ৰদান নকৰিলেও আপত্তি নাই বুলি কৈ অসমৰ বাহিৰৰ কোম্পানীক যাতে অন্তৰ্ভুক্ত নকৰে তাৰ বাবে অনুৰোধ জনায়। আনহাতে, ৰংঘৰ, কাৰেংঘৰ, শিৱদ'ল আদিৰ চোৱা-চিতাৰ দায়িত্বত সাংস্কৃতিক মন্ত্ৰণালয় আৰু পুৰাতত্ব আৰু জৰীপ বিভাগৰ হাততে থাকিব, কিন্তু চোৱাচিতা জে টি আইৰ তৰফৰ পৰা কৰা হ'ব বুলি কয়।
অৱশ্যে বৰ্তমানেই চৰকাৰে কোনো ধৰণৰ পত্ৰ জে টি আইক দিয়া নাই বুলি কয় পৰিচালক সঞ্চালকগৰাকীয়ে। কি স্বাৰ্থত জে টি আইৰ দৰে এটা ব্যৱসায়ীক প্ৰতিষ্ঠানে কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ চিন্তা কৰিছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে সকলোৰে উন্নতি হ'ব বুলি কয়।