জেলত থাকিও ৰাজনীতিত শক্তিশালী লালু, বিজেপিক ৰুধিবলৈ লালুৰ সমৰ্থন লাগে অখিলেশক

zee news
zee news

ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে অখিলেশ যাদৱে এইবাৰ লালু যাদৱৰ সৈতে মিত্ৰতা গঢ়িব বিচাৰিছে৷ এই বিষয়ত লালু-তেজস্বী যাদৱৰ সৈতে আলোচনা কৰিবলৈ সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে ৰাঁচিলৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে অতি ঘনিষ্ঠ কিৰণময় নন্দাক৷ 

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে বিজেপিক ধৰাশায়ী কৰাৰ পাছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো বিজেপিক ৰুধিবৰ বাবেই অখিলেশ যাদৱে বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা কৰিছে৷ জানিব পৰা মতে, ২৪ মাৰ্চত সমাজবাদী পাৰ্টিৰ উপাধ্যক্ষ কিৰণময় নন্দাই লালু প্ৰসাদ যাদৱৰ সৈতে বৈঠকত মিলিত হ’ব৷ 

পশু কেলেংকাৰীত অভিযুক্ত হৈ ৰাঁচীৰ বীৰছা মুণ্ডা জেলত বন্দী হৈ থকা লালুপ্ৰসাদ যাদৱৰ সৈতে নন্দাই জেলৰ ভিতৰতে মিলিত হ’ব বুলি জানিব পৰা গৈছে৷ নন্দাই জানিবলৈ দিয়া মতে, লালুৰ সৈতে মিলিত হ’বৰ বাবে জেল কৰ্তৃপক্ষই ইতিমধ্যে অনুমতি প্ৰদান কৰিছে৷ ইয়াৰোপৰি নন্দাই লালুৰ পুত্ৰ তেজস্বী যাদৱৰ সৈতে সাক্ষাৎ কৰিব বুলিও কয়৷ 

উপাধ্যক্ষ গৰাকীয়ে অাৰজেডিৰ সৈতে মিত্ৰতা কৰিব খোজা বিযয়টোৰ সন্দৰ্ভত কয়, আৰজেডিয়ে সমাজবাদী পাৰ্টিৰ সৈতে সহযোগ কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷ কিয়নো লালু প্ৰসাদ যাদৱে নিৰ্বাচনৰ কোনো লাভালাভৰ কথা চিন্তা নকৰি গুৰুত্বপূৰ্ণ সময়ত আমাৰ সৈতে লগলাগিব বিচাৰিছে৷ সেয়ে মিত্ৰতা কৰিব বিচৰাৰ বাৰ্তালৈ লালু-যাদৱৰ সৈতে মিলিত হ’ব বিচৰা বুলি কয় কিৰণময় নন্দাই৷ 

তদুপৰি নন্দাই লগতে কয়, বিজেপি চৰকাৰখনে বৰ্তমান দেশৰ লগতে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি আহিছে ৷ ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ লগতে দেশৰ নিৱনুৱা যুৱকক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু কোনো এটা প্ৰতিশ্ৰুতিয়ে পূৰণ কৰিবলৈ সক্ষম নহ’ল মোডী চৰকাৰ৷ যাৰ বাবে এতিয়া সকলো বিৰোধী দল লগ হৈ বিজেপিৰ জয় যাত্ৰাক পৰাভূত কৰাৰ সময় আহিল বুলি মতপোষণ কৰে কিৰণময় নন্দাই৷