৪১ কোটি ৫১ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ পৰ্বতঝোৰাৰ দেবীতোলা উন্নয়ন খণ্ডত

newsnextone.com | পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ দেবীতোলা উন্নয়ন খণ্ডত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ইউডিএফৰ ভাতৃ সংগঠন যুৱ মৰ্চা আৰু ছাত্ৰ মৰ্চাই৷ দেওবাৰে দুয়োটা সংগঠনে পৰ্বতঝোৰাৰ আলমগঞ্জত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিটো আঁচনি ৰূপায়নৰ নামত কোটি কোটি হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰে ইউডিএফৰ দুয়োটা ভাতৃ সংগঠনে৷

২৪ গৌৰীপুৰ সমষ্টি সমিতি ইউডিএফৰ যুৱ মৰ্চাৰ সভাপতি ৰাফিউল প্ৰধানী আৰু স্থানীয় সমাজকৰ্মী মহিজুৰ ৰহমানে সংবাদমেল যোগে দেবীতোলা উন্নয়ন খণ্ডৰ বিটিএডি এলেকাৰ অংশত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত কৰাৰ দাবী জনায়৷

খণ্ড উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে তদন্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে৷ বিগত বিধানসভাৰ অধিবেশনত বিধানসভাৰ মজিয়াত গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানেও দেবীতোলা উন্নয়ন খণ্ডত সংঘটিত দুৰ্নীতিৰ কথা উল্লেখ কৰা বুলি কৈ ছাত্ৰ নেতাজনে দুৰ্নীতিৰ তদন্ত নকৰাত ক্ষোভ প্ৰকাশ কৰে৷

এআই ইউডিএফৰ কৰ্মকৰ্তাই খণ্ড উন্নয়ন বিষয়া মমিলা ৰবিদাস, কনিষ্ঠ অভিযন্তা মোস্তফা আহমেদ, পোৰিতোষ পালৰ বিৰুদ্ধে প্ৰায় ৯মাহ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪০৮/৪২০ ধাৰাত ৭৬/১৭ নম্বৰত গোচৰ ৰুজু হৈ থকাৰ পিছতো কাজিগাঁও আৰক্ষীয়ে কোনো লোকক আটক কৰাটো দুৰৰ কথা সোধ-পোছ নকৰাত সোচ্চাৰ হৈ পৰিছে ছাত্ৰ নেতাদ্বয়৷

শীঘ্ৰে অভিযুক্তক আটক নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷ গৌৰীপুৰ সমষ্টিৰ দেবীতোলা উন্নয়ন খণ্ডৰ বিটিএডি এলেকাত ৪১ কোটি ৫১ লাখ ৮ হাজাৰ টকাৰ ভয়াৱহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ইউডিএফৰ যুৱ মৰ্চাৰ সভাপতি ৰাফিউল প্ৰধানীয়ে৷