প্ৰধান শিক্ষকৰ বিৰুদ্ধে নৱ বিবাহিতাক ধৰ্ষণৰ অভিযোগ, নগাঁৱত চাঞ্চল্য

কামপুৰঃ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত একাংশ লোকৰ বিৰুদ্ধে উত্থাপিত হ’ব ধৰিছে গুৰুতৰ অভিযোগ৷ সমাজে মানৱ সম্পদ গঢ়াৰ খনিকৰ নামেৰে নামকৰণ কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হ’ল নৱ বিবাহিতাক ধৰ্ষণ কৰাৰ অভিযোগ৷

এগাৰকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে নৱ বিবাহিতা মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷ ঘৰত স্বামী নথকাৰ সুযোগ গ্ৰহণ কৰি এই জঘন্য ঘটনা সংঘটিত কৰা বুলি শিক্ষকজনৰ বিৰুদ্ধে খোদ অভিযোগ উত্থাপন কৰিছে নৱ বিবাহিতা মহিলাগৰাকীয়ে৷

জানিব পৰা মতে, নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত গমাৰিআটিৰ নিজ কঠিয়াতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কৰিমে ২৯ অক্টোবৰৰ নিশা মহিলাগৰাকীৰ ঘৰলৈ আহে৷ উক্ত সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল৷

স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি এই জঘন্য ঘটনাটো সংঘটিত কৰা বুলি শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। শিক্ষকগৰাকীয়ে কোনো লোকক এই কথা কলে হত্যা কৰাৰ ভাবুকি দিয়া মহিলাগৰাকীক। ইতিমধ্যে নিৰ্যাতিতা মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা মহিলাগৰাকীয়ে।