
সোণাৰিঃ জাতি, মাটি, ভেটিৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰে সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে৷ সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত সমূহত আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি৷ চৰকাৰে উন্নয়নৰ শ্ল’গান লৈ পুনৰ ৰাইজৰ ওচৰ চাপিছে৷
কোৱা বাহুল্য চৰকাৰ গঠন কৰাৰ তিনিটা বছৰ পাৰ হ’বৰ হ’ল যদিও সংবাদ মাধ্যমত বৰ বৰ কথা কোৱাৰ বাহিৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সাধন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে চৰকাৰখনৰ বিৰুদ্ধে৷
চৰকাৰখনে সমগ্ৰ ৰাজ্যখনক উন্নয়ন সাধন কৰিবৰ বাবে উঠি পৰি লাগিছে বুলি এখন প্ৰতিচ্ছবি দেখুওৱাৰ চেষ্টা কৰি আহিছে যদিও প্ৰকৃত ছবিখন ওলোটাহে৷ আজিও গ্ৰাম্য অঞ্চলৰ বাট-পথৰ অৱস্থা জৰাজীৰ্ণ৷ গ্ৰাম্য অঞ্চল বাট-পথ সমূহ শৰালি-বাৰিষা খোজকাঢ়িব নোৱোৰা পৰিৱেশ আজিও৷
বহু পথত আজিও দলং নোহোৱাৰ ফলত ৰাইজে সমস্যাত পৰি আহিছে৷ ৰাজ্য চৰকাৰে গ্ৰাম্য সমাজ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কোটি কোটি টকা খৰচ কৰি আহিছে ঠিক তেনে সময়তে এচাম জনপ্ৰতিনিধিৰ বাবে যমৰ যাতনা ভূগিবলগীয়া হৈছে শ-শ লোকে।
বৰ বৰ কথা কৈ চমক সৃষ্টি কৰা মন্ত্ৰী-বিধায়কৰ সমষ্টিত এতিয়া চৰম অৰাজকতাই দেখা দিছে বুলি অভিোগ উত্থাপন আৰম্ভ হৈছে৷ ৰাজ্য তথা সমষ্টিৰ উন্নয়নৰ পৰিবৰ্তে কেৱল ৰাজনীতি কৰি ক্ষমতা দখল কৰি ৰখাৰ কুচকাৱাজ চলাই গৈছে মন্ত্ৰী-বিধায়কসকলে৷
নিৰ্বাচনৰ পূৰ্বে এটা আৰু নিৰ্বাচনৰ পিছত পাভলুটি মাৰি অসমৰ ৰাইজৰ জনমতক উপেক্ষা কৰি কাম কৰি যোৱা চৰকাৰ খনে ৰাইজৰ প্ৰধান সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
চৰকাৰ গঠন কৰিয়েই নানান চমক সৃষ্টি কৰিলে যদিও সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ গ্ৰাম্য অঞ্চলৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত ৰাইজে আজিও হাহাকাৰ কৰিব লগা হয়৷
বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকে সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ আজিও ৰাজ্যৰ বহু চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ নাই৷ চিকিৎসালয় আছে যদিও চিকিৎসক নাই ৰাজ্যৰ বহু চিকিৎসালয়ত৷ গাঁৱৰ ৰোগীয়ে আজিও ঠেলা-চাইকেলত চিকিৎসালয়লৈ আহিব লগা হৈছে ৷
তেনেই এখন ঠাই উজনি অসমতো আছে৷ ঠাই খন হৈছে উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত পেহীপুখুৰী অঞ্চল৷ স্বাধীনতাৰ ৭০ বছৰ পিছতো বিদ্যুৎৰ পোহৰ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা, প্ৰকৃত শিক্ষা, ৰাস্তা-ঘাটৰ উন্নয়ন দেখিবলৈ নাপালে অঞ্চলটোৱে৷ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ গ্ৰাম্য পথ সমূহো আজিকোপতি নিৰ্মাণ কৰা নহ’ল।
বিগত কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত পেহী পুখুৰী অঞ্চলৰ ৰাইজে সেই সময়ৰ সোণাৰি সমষ্টিৰ বিধায়ক শৰৎ বৰকটকীক বহু আবেদন-নিবেদন কৰিছিল যদিও পথ নিৰ্মাণ, বিশুদ্ধ খোৱাপনী, ৰাস্তা-ঘাট, বিদ্যুৎ সেৱাৰ ব্যৱস্থা নকৰিলে বুলি অভিযোগ উত্থাপন কৰে৷
পেহী পুখুৰী অঞ্চলৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত নিশাৰ ভিতৰতে আছু এৰি গেৰুৱা হোৱা তপন কুমাৰ গগৈক বিপুল ভোট দি জয়যুক্ত কৰি দিছপুৰলৈ পঠাই দিছিল বুলি একাংশ মহিলাই এই প্ৰতিবেদকক খোদ প্ৰকাশ কৰে৷ পূৰ্বৰ কংগ্ৰেছৰ বিধায়কৰ দৰেই বৰ্তমানৰ বিধায়ক তপন কুমাৰ গগৈয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ বিগত দুটা বছৰত উন্নয়ন কৰাটো দুৰৰ কথা অঞ্চলটোৰ ৰাইজৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে প্ৰাক্তন আছু নেতা গগৈৰ বিৰুদ্ধে৷
পেহী পুখুৰী অঞ্চল আহ-যাহ কৰা পথটো নিৰ্মাণৰ নামত এটা শিলগুটিও নপৰিল। প্ৰতি বছৰে বাৰিষা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজে একাঠু বোকা-পানীৰ মাজেৰে অহা-যোৱা কৰিব লগীয়া হয়। পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত কোনো লোক ৰোগত আক্ৰান্ত হলে এম্বুলেঞ্চ নতুবা ১০৮ এম্বুলেঞ্চ গাঁও খনলৈ আহিব নোৱাৰে৷ ৰোগীক চাইকেল, ঠেলাৰে চিকিৎসালয়লৈ নিব লগা হয়।
একাংশ মহিলাই ক্ষোভ প্ৰকাশ কৰি কয় ‘‘আমি বৰষুণ দিব আৰম্ভ কৰিলে আমাৰ অঞ্চলটোত লৰা-ছোৱালীৰ বিয়া পাতিব নোৱাৰো৷ কিয়নো বোকা আৰু পানীৰ বাবে গাড়ী-মটৰ আহিব নোৱাৰে৷ বাৰিষা আলহী মাতিবলৈ লাজ লাগে আমাৰ৷’’
অঞ্চলটোৰ বহুলোকৰ ঘৰত আজিও নাই বিদ্যুতৰ সংযোগ৷ অঞ্চলটোৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ পেহীপুখুৰী স্বাস্থ্য কেন্দ্ৰটো বিগত বৰ্ষত ধুমুহা-বৰষুণত মুধচ উৰুৱাই নিয়াৰ পিছতো আজিলৈকে উপ-স্বাস্থ্য কেন্দ্ৰটো মেৰামতি নকৰিলে স্বাস্থ্য বিভাগ, বিধায়ক তথা প্ৰশাসনে৷ অঞ্চলটোৰ বাসিন্দাসকলৰ সাধাৰণ বেমাৰ-আজাৰ হলে ২০ কিঃ মিঃ আঁতৰত থকা চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়লৈ যাব লগীয়া হয়৷
এশ এবুৰি সমস্যাৰে জৰ্জৰিত পেহী পুখুৰীৰ ৰাইজৰ আৰ্তনাদ শুনিব কোনো৷ ৰাইজৰ আৰ্তনাদ শুনিবলৈ কোনো নথকাৰ বাবেই উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ৰাইজে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ কৰাৰো হুংকাৰ দিয়ে পেহী পুখুৰীৰ ৰাইজে৷ অলপতে অয্চলটোৰ ৰাইজে ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহি চৰকাৰ তথা বিধায়ক তপন কুমাৰ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
বিজেপি চৰকাৰ হায় হায়, আমাৰ পথ নিৰ্মাণ কৰি দিয়ক, আমাৰ খোৱা পানীৰ যোগান ধৰক, তপন হুচিয়াৰ আদি শ্ল’গানেৰে পেহী পুখুৰীৰ আকাশ বতাহ কপাই তোলে৷ টাই আহোম যুৱ পৰিষদৰ সৰুপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আকৌ আহিব প্ৰতিশ্ৰুতিৰ ভঁৰাল লৈ মন্ত্ৰী-বিধায়ক৷ তাৰ পূৰ্বে সমস্যা হ’বনে পেহীপুখুৰীৰ ৰাইজৰ৷