ঢেকিয়াজুলিত ৰেল ষ্টেচনৰ মাষ্টৰৰ বিৰুদ্ধে ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ

ঢেকিয়াজুলিঃ ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বাতৰিয়ে ৰাজ্যৰ সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে৷ এতিয়া নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত যুৱতী-কিশোৰী মহিলাসকল এতিয়া সুৰক্ষিত নহয়৷ 

নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷ যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক কাণ্ড সংঘটিত হৈছে অসমত৷ তাৰ মাজত এইবাৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে 

শোণিতপুৰ জিলাৰ বাতাছীপুৰৰ ঢেকিয়াজুলি ৰোড ৰেল ষ্টেচনত৷ ধৰ্ষণকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে ৰেল ষ্টেচনৰ সহকাৰী ষ্টেচন মাষ্টৰৰ বিৰুদ্ধে৷ জানিব পৰা মতে, ১৬ বছৰীয়া এগৰাকী জনগোষ্ঠীয় কিশোৰীক ঢেকিয়াজুলি ৰোড ৰেল ষ্টেচনলৈ নিয়ে ঢেকিয়াজুলি ৰোড ৰেল ষ্টেচনৰ সমীৰ অধিকাৰী নামৰ সহকাৰী ষ্টেচন মাষ্টৰজনে৷ 

ষ্টেচনৰ সহকাৰী ষ্টেচন মাষ্টৰে আৱাসগৃহলৈ নি ১৬ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়। কিশোৰীগৰাকীক ধৰ্ষণকাণ্ডৰ কথা কোনো লোকক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ষ্টেচন মাষ্টৰ সমীৰ অধিকাৰীয়ে৷ 

ভয়ত কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক একো কোৱা নাছিল যদিও পিছত পৰিয়ালৰ লোকক সকলো কথা কয়৷ তাৰ পিছতে পৰিয়ালে ঢেকিয়াজুলি থানাত এজাহাৰ দাখিল কৰে। ইফালে ঘটনাৰ ন্যায় বিচাৰি বাটাছীপুৰ ৰেল ষ্টেচনত ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷

শীঘ্ৰেই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত জনাই ৰেল ষ্টেচন উত্তাল কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিয়ে। কিশোৰী ধৰ্ষণকলৈ উত্তপ্ত হৈ পৰে ঢেকিয়াজুলিৰ বাতাছীপুৰ। 

পিচত ৰাইজে ষ্টেচনৰ চৌহদতে ধৰি সমীৰ অধিকাৰীক উত্তম মাধ্যম শোধায়৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে অভিযুক্তক। প্ৰতিবাদকাৰীসকলে ষ্টেচনটোত সংঘটিত হোৱা এনেকাণ্ডৰ উচিত বিচাৰ কৰাৰ দাবী জনাই আৰক্ষী প্ৰশাসনক৷