
নলবাৰীঃ ৰাজ্যৰ দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকসকলৰ বাবে বিপদৰ বন্ধু হৈ পৰিছিল ১০৮ এম্বুলেঞ্চ সেৱা৷ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহৰ হাতে হাতে থকা মোবাইলটোৱে সকলো হৈ পৰিছে৷ অনলাইন বজাৰ কৰাৰ পৰা আৰম্ভ কৰি গাড়ী পৰ্যন্ত বুকিং কৰালৈকে সকলো এতিয়া মোবাইলটোতে হয়৷ মোবাইলৰ জনপ্ৰিয়তাৰ সময়তে তদানীন্তন কংগ্ৰেছ চৰকাৰে অসমত আৰম্ভ কৰিছিল ১০৮ এম্বুলেঞ্চ সেৱা৷ মোবাইলেৰে ফোন কৰাৰ কিছু সময় পিছতে গন্তব্য স্থানত উপস্থিত হৈছিল এম্বুলেঞ্চ খনে৷
ততাতৈয়াকৈ চিকিৎসালয় ভৰ্তি কৰাৰ লগতে গাড়ীৰ ভিতৰতে সামন্য হলেও চিকিৎসা সেৱা আগবঢ়াই বিৰল কাম কৰিছিল অসমত৷ দুৰ্ঘটনা, অগ্নিকাণ্ড আদিত ব্যাপক সহায়ক হৈ পৰিছিল এই সেৱা৷ ৰাজ্যৰ গাঁৱে-ভুঞে দুৰ্যোগৰ সন্মুখীন হোৱা তথা হঠাৎ ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাই একপ্ৰকাৰ ভগৱানৰ ৰূপত থিয় দিছিল৷ কিন্তু লাহে লাহে লাহে সময়বোৰ পাৰ হৈ গ’ল আৰু ১০৮ এম্বুলেঞ্চ সেৱাও মৃত্যু মুখলৈ গতি কৰিলে৷
পূৰ্বৰ তুলনাত ১০৮ এম্বলেঞ্চৰ সংখ্যা বহু কমি যোৱাৰ লগতে বহু গাড়ী বেয়া হৈ পৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত বহু ১০৮ এম্বুলেঞ্চ সেৱাৰ গাড়ী বেয়া হৈ থকা পৰিলক্ষিত হৈছে৷ ৰাইজক সেৱা কৰা এই সেৱাক আজিও সক্ৰিয় কৰি ৰখাৰ প্ৰয়োজন৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ লোকে বিছাৰে এই সেৱা সদায় সক্ৰিয় হৈ থাকক৷ এখন গাড়ী ভাড়া কৰি চিকিৎসাললৈ যাব নোৱাৰা লোকসকলে বহু সময়ত চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লব লগা হয়৷
কিন্তু ১০৮ এম্বুলেঞ্চে হাজাৰ হাজাৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিছে৷ দিনে-নিশাই এই সেৱাৰ সৈতে জড়িত লোকসকলে অশেষ কষ্ট কৰা পৰিলক্ষিত হৈছিল৷ ১০৮ এম্বুলেন্স সেৱাৰ বিষয়া-কৰ্মচাৰীয়ে মানৱতাৰ নিদৰ্শন দাঙি ধৰি আহিছে৷ নলবাৰীত জিলাতো এই সেৱাৰ সৈতে জড়িত লোকসকলে মানৱ সেৱা কৰি গৈছে৷ ৰোগী সকলক সময় মতে চিকিৎসালয়লৈ নি চিকিৎসা কৰাত সহায় কৰি আহিছে নলবাৰী জিলাত৷ নলবাৰীৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে দিনে নিশাই নিজৰ দায়িত্ব পালন কৰি আহিছে।
এনে সময়তে এম্বুলেঞ্চ সেৱাৰ বিষয়া কৰ্মচাৰী সকলে দেখুৱাই গৈছে মানৱতাৰ আন এক নিদৰ্শন। এম্বুলেঞ্চ সেৱাৰ নলবাৰীৰ বিষয়া ৰাজীৱ হুছেইনৰ নেতৃত্বত জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়োৱা পংকজ পাঠক আৰু লালজিৎ বৈশ্যৰ সৈতে এটি চিকিৎসা কৰ্মীৰ দলে নলবাৰী চহৰৰ শান্তি নিবাস অনাথ আশ্ৰমত'ত উপস্থিত হৈ শিশু, কিশোৰ, বৃদ্ধ-বৃদ্ধাক স্বাস্থ্য পৰীক্ষা কৰে৷ সাংবাদিক মজিবুৰ ৰহমানৰ সঞ্চালনাত চলি থকা শান্তি নিবাস অনাথ আশ্ৰমত'ত এম্বুলেঞ্চ সেৱাৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত হৈ পুনৰ মানৱ সেৱাৰ নিদৰ্শন দাঙি ধৰিলে৷