
আমগুৰিঃ আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চল৷ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা-স্বাস্থ্য আদিৰ সমস্যাৰে ভাৰাক্ৰান্ত আমগুৰি অঞ্চলৰ উন্নয়ণৰ দাবীত সময়ে সময়ে প্ৰতিবাদ অব্যাহত আছে৷ তাৰ মাজতে বুধবাৰে আমগুৰি চহৰত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷
আমগুৰি পৌৰসভাৰ এলেকাৰ বাট-পথ, খোৱাপানী আদি সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে। জাতীয় সংগঠনটোৰ আমগুৰি নগৰ শাখাৰ উদ্যোগত আমগুৰি নগৰৰ মাজমজিয়াত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি নগৰখনৰ মূল তিনিটা সমস্যাৰ তৎকালেই সমাধানৰ দাবী জনাই পোন্ধৰ দিনৰ এক সময় সীমা বান্ধি দিয়ে। অন্যথাই তীব্ৰ জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।