আমগুৰিৰ ৰাজ পথত জ্বলিল সৰ্বা-প্ৰমীলাৰ প্ৰতিকৃতি

আমগুৰিঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেওবাৰে আমগুৰি নগৰৰ মূল চাৰিআলিত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মহানগৰীৰ মাজ মজিয়াৰ আমচাং অভয়াৰণ্যত বাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলক অমানৱীয়ভাৱে বন বিভাগে উচ্ছেদ কৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ উপয়ুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

চৰকাৰ বিৰোধী শ্ল’গানৰ মাজতে সংগঠনটোৰ একাংশ সদস্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে আমগুৰি নগৰৰ মূল চাৰিআলিত। সংগঠনটোৱে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰৰ লগতে বেদান্ত লস্কৰ আৰু গোপী শইকীয়াক শীঘ্ৰে মুক্তিৰ দাবী আৰু উচ্ছেদিত লোকসকলৰ মাজত থকা পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ব্যৱস্থা কৰি দিয়াৰো দাবী জনায়। ইয়াৰ অন্যথাই সমগ্র ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলাৰ ভাবুকি দিয়ে সংগঠনটোৱে।