টিহুৰ পৰা আমিনগাঁৱলৈ নিজ ভেটিৰ পৰা উচ্ছেদিত হ’ব খিলঞ্জীয়া

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বাইহাটা চাৰিআলিঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষি ভূমিক উদ্যোগিক ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব খোজা ঘোষণাৰ পিছতে ক্ষোভ জাহিৰ কৰিছে একাংশ দল-সংগঠন তথা সচেতন লোকে৷ গুৱাহাটী মহানগৰ তথা কামৰূপ জিলাৰ পৰা নলবাৰী জিলাৰ টিহুলৈ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষক উদ্যোগিক ক্ষেত্ৰ হিচাপে গঢ় দিব খোজা কাৰ্যক হঠকাৰী আখ্যা দিছে উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিবেশ সংৰক্ষণ সমিতিয়ে।

নিবনুৱা সমস্যা সমাধানৰ অচিলা লৈ চৰকাৰে ৰাজ্যখনত উদ্যোগিক বিকাশৰ লক্ষ্যৰে নামনি অসমক বিশেষ উদ্যোগিক ক্ষেত্র স্থাপন কৰিব খোজা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পৰা টিহুলৈ ৮০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষত উদ্যোগিক ক্ষেত্র গঢ়ি তোলা হ’ব বুলি কৰা ঘোষণাৰ পিছতে উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিবেশ সংৰক্ষণ সমিতিৰ সম্পাদক মৃণাল শৰ্মাই এক বিবৃতি যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্যোগিক ঘোষণা বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হলে স্বাধীনতাৰ পিছত অসমত পুণৰ এবাৰ ভয়াবহ অনুপ্ৰৱেশৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব বুলি কয়।

সংগঠনটোৱে যি অনুপ্ৰৱেশৰ সমস্যা বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাতকৈয়ো বহু ভয়াবহ হ’ব বুলি চিন্তা ব্যক্ত কৰে। নিজৰ ভেটি আৰু মাটিৰ পৰা উচ্ছেদিত হ’ব খিলঞ্জীয়া লোক। গুৱাহাটীৰ পৰা টিহু প্ৰদূষণৰ কৰিডৰ। ইতিমধ্যে বৈধ অবৈধ ভাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত গঢ় লৈ উঠা উদ্যোৰৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হৈছে।

চিণ্ডিকেটৰাজৰ বলি হৈছে থলুৱা নিবনুৱা-শ্ৰমিক। উদ্যোগসমূহে প্ৰদূষণকে ধৰি বিভিন্ন দিশত ভয়াবহ সমস্যাৰ সৃষ্টি কৰি অহাৰ পিছতো অসামৰিক প্ৰশাসন, উদ্যোগ বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আদিয়ে নহয়, আনকি বিধান সভাৰ আইন প্ৰণয়ন সমিতিয়েও একোকে কৰিব পৰা নাই।

ৰাজ্যত ভয়াবহ ভাবে হাজাৰ হাজাৰ কৃষক ৰাইজ সন্মুখীন হোৱা বান খহনীয়া আদিৰ সমস্যাক যথোচিত গুৰুত্ব প্ৰদান নকৰি পৰোক্ষভাৱে অসমৰ কৃষিভূমি বনিয়াৰ হাতত গতাই দিব বিছৰা কাৰ্য হাস্যকৰ বুলি কয় সংগঠনটোৱে।

একেটা বিবৃতি যোগে উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিবেশ উন্নয়ন সমিতিয়ে নিবিচিৰা নহয় বুলি কৈ যধে মধে উদ্যোগীকৰণৰ নামত খিলঞ্জীয়া বসতি প্ৰধান আৰু কৃষিপ্ৰধান এলেকাৰ ভূমি কাঢ়ি নি বহিৰাগত বনিয়া গতাই দিয়া কাৰ্যক সমৰ্থন কৰিব নোৱাৰে বুলি কয় সংগঠনটোৱে। প্ৰয়োজনত এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি সংগঠনটোৱে এই উদ্দেশ্য অহা ২২ ডিচেম্বৰত এখন ৰাজহুৱা সভা আহ্বান কৰা বুলি কয় সংগঠনটোৰে সভাপতি হৰেশ্বৰ বৰ্মনে।