
বৰপেটাঃ বিশিষ্ট সমাজকৰ্মী জ্যেষ্ঠ অধ্যাপক অনন্ত মোহন শৰ্মাৰ মঙলবাৰে মৃত্যু হয়৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল বৰপেটা জিলাৰ পাঠশালাৰ ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপকগৰাকীয়ে৷ অধ্যাপক অনন্ত মোহন শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷
মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা শৰ্মাৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে গুণমুগ্ধৰে ঘৰ ভৰি পৰে৷ সৎ, সাহসী, ছাত্ৰ-ছাত্ৰীৰ আপোন আদৰ্শবান লোকগৰাকীৰ মৃত্যুত শিক্ষা দিশটোৰ ক্ষতি হ’ল বুলি কয় একাংশ ছাত্ৰই৷
শেহতীয়াকৈ ৰাজ্যজুৰি জন সংঘৰ প্ৰতিষ্ঠাপক দানদয়াল উপাধ্যায়ৰ নামত ৰাজ্য চৰকাৰে ৪০ খন মহাবিদ্যালয় স্থাপন কৰিব বিছৰতা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ দল-সংগঠনে ৰাজ পথ উত্তাল কৰাৰ সময়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ব্যক্তিগত ভাৱে চিঠি লিখি মহাবিদ্যালয়ৰ নামকৰণত চৰকাৰৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰশ্ন কৰিছিল৷
কেন্দ্ৰীয় চৰকাৰে মহাবিদ্যালয়ৰ নামকৰণ সন্দৰ্ভত কোনো নিৰ্দেশনা নাই বুলি উত্তৰ দিছিল৷ তাৰ পিছতে মহাবিদ্যালয়ৰ নামকৰণ সন্দৰ্ভত হৈ থকা বিতৰ্কৰ যথেষ্ট শাম কাটিছিল৷ এজন ভাল বক্তা, শিক্ষক, সমাজকৰ্মী, লেখক শৰ্মাৰ মৃত্যুত বজালী অঞ্চলত শোকৰ ছাঁ পৰে।