
newsnextone.com | গুৱাহাটীঃ মঙলবাৰে ৰাজ্যজুৰি অংগনাবাড়ী কৰ্মী-সহায়িকাই ক’লা দিৱস পালন কৰে। অংগনবাড়ী কৰ্মী-সহায়িকাসকলে মজুৰিৰ পৰিৱৰ্তে দৰমহা দিয়া, মিনি অংগনবাড়ী কেন্দ্ৰ সমূহক প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, অংগৰবাড়ী কেন্দ্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া বন্ধ কৰাৰ দাবী জনায় পুৱা ১১ বজাৰ পৰা ৰাজ্যৰ বিবিন্ন প্ৰান্তত ক’লা দিৱস পালন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে।
ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ বিভিন্ন দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰ ৰাজ্য চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰি চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিবাদ কৰি আহিব লগা হৈছে বুলি কয় অংগনবাড়ী কৰ্মী-সহায়িকাই৷ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়, মহকুমা সদৰ, জিলা সদৰত মঙলবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাই।
অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰি নিয়মীয়া কৰা, মাননিৰ সলনি মজুৰি দিয়া, চাকৰিৰ কাল সমাপ্ত হোৱাৰ পাছত পেন্সন দিয়াৰ ব্যৱস্থা কৰা আদি দাবী লৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে অংগনবাড়ী কৰ্মী-সহায়িকাই৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে দাবী সমূহক গুৰুত্ব প্ৰদান নকৰাত অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই ক’লা দিৱস পালন কৰে৷
অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই ন্যায্য দাবীৰ হকে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো ৰাজ্য-কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি পুনৰাই ৰাজপথত নামিছোঁ বুলি কয় কৰ্মী-সহায়িকাসকলে৷ চৰকাৰে অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ সৈতে আলোচনা-বিলোচনাত মিলিত হৈছে যদিও আশাব্যঞ্জক সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে কৰ্মী-সহায়িকাসকলে৷ গুৱাহাটীত কেইবা শ অংগনবাড়ী কৰ্মী-সহায়িকাই প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটীৰ মেঘদূত ভৱনত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবী মানি লবলৈ দাবী জনায়৷
পৰিবৰ্তনৰ শ্ল’গান দিয়া ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ কাণসাৰ নাই বুলি মন্তব্য কৰে। ৰাজ্যৰ বিজেপি চৰকাৰ শ্ৰমিক-কৰ্মচাৰী বিৰোধী চৰকাৰ আখ্যা দিয়ে। কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰ হায় হায়, ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী মুৰ্দাবাদ, অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ দাবী সমূহ পূৰণ কৰক, পৰিবৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ কথা আৰু কামৰ মূল্য নাই আদি শ্ল’গানেৰে উত্তাল কৰে ৰাজ্য।