
ঢেকীয়াজুলিঃ আকাশৰ তৰাৰ সৈতে খেলা কৰা সপোনৰ ঘৰ খনলৈ আহিল অসমৰ বক্সিঙৰ ৰাণীয়ে৷ বৃহস্পতিবাৰে নিজ গৃহত উপস্থিত হ’ল স্বৰ্ণজয়ী অংকুশিতা বড়ো৷ বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী অংকুশিতা বড়োৱে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীত উপস্থিত হোৱাৰ পিছতে শ-শ লোকে উস্ম আদৰণী যাচে৷
গাড়ীৰে সমদল কৰি আদৰি অনাৰ লগতে পথৰ দাতিত সমদল ৰখাই অনেক লোকে গামোচা পিন্ধাই শুভেচ্ছো যাচে অংকুশিতাক৷ বক্সিঙেৰে বিশ্বজয় কৰা স্বৰ্ণজয়ী অংকুশিতা বড়োক ঢেকীয়াজুলিবাসীয়ে উষ্ম আদৰণী জনায়৷ কোকৰাঝাৰৰ পৰা ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহচক্ৰৰ মেঘাইজাৰণীৰ বাসগৃহলৈ আহি থকা অৱস্থাত ওৰাংৰ পৰা খেলুৱৈগৰাকীক বাইক সৰু-বৰ গাড়ীৰে ৰেলী কৰি আদৰি আনে অগনন লোকে৷ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰীড়া সন্থাৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে অংকুশিতাক৷
তাৰকা খেলুৱৈগৰাকীক মেঘাইজাৰণীৰ নিজা বাসগৃহলৈ বৃহৎ সমদল কৰি হৰ্ষ উল্লাসেৰে আদৰি অনা হয়৷ বড়ো জনগোষ্ঠীৰ নৃত্যৰ তালে তালে নাচি আয়তী সকলে গৃহত প্ৰবেশ কৰায় অংকুশিতাক৷ গাঁওখনৰ শ শ লোকে খেলুৱৈ গৰাকীক এবাৰ কাষৰ পৰা চাবৰ বাবে ভীৰ কৰে৷ গাঁও খনৰ খেল পথাৰত অঞ্চলটোৰ ৰাইজৰ তৎপৰতাত অংকুশিতাক সম্বৰ্ধনা জনাবলৈ এখন সভা অনুষ্ঠিত কৰে৷
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বাবুলি বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কুসুম স্বৰ্গীয়াৰীয়ে আদৰণী ভাষণ প্ৰদান কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজেই তাৰকা খেলুৱৈগৰাকীক উষ্ম আদৰণী জনাই যি সম্বন্বয়ৰ সাকো গঢ়িলে তাৰ বাবে সকলোকে আমি কৃতজ্ঞতা জনাইছো বুলি কয়৷
তদুপৰি খেলুৱৈগৰাকীৰ বাবেই আজি মেঘাইজাৰণীৰ লেখিয়া এখন পিচপৰা গাঁও, ঢেকীয়াজুলিৰ দৰে এখন ক্ষুদ্ৰ নগৰ বিশ্বৰ সমুখত উজ্বলি উঠিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ খেৰাই নৃত্য, ঝুমুৰ নৃত্য আদিৰ দল সমূহে খেলপথাৰত নৃত্য পৰিবেশন কৰি অংকুশিতাক স্বাগতম জনায়৷ আনহাতে আছু, এবছু, আটছা, চাওঁতালি ছাত্ৰসন্থা, মুছলিম ছাত্ৰসন্থা, যুৱ-ছাত্ৰ পৰিষদ আদিৰ আঞ্চলিক সমিতি সমূহৰ লগতে বৰবিলগাঁও, বৰবিলপথাৰ, মেঘাইআটি, ঘটুৱা, কাৱৈমাৰী, বামুনপুখুৰী, আদি গাওঁ সমূহৰ যুৱ-সংঘ তথা ৰাইজে খেলুৱৈগৰাকীক ভাগে ভাগে সম্বৰ্ধনা জ্ঞাপন কৰে৷