ৰিলায়েন্স কোম্পানীৰ হাতত আছে মাথো ১৯ কোটি টকা

নতুন দিল্লীঃ ধনাঢ্য পুঁজিপতিৰ কথা আহিলেই আম্বানী ভাতৃদ্বয়ৰ কথা মনলৈ আহে৷ বিশ্বৰ ধনী লোকসকলৰ শীৰ্ষত থকা মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীও দেশৰ পঞ্চাশ ধনাঢ্যৰ ভিতৰত আছে৷ তথাপিও যেন তেওঁৰ টকা নাই! 

ন্যায়ালয়ক প্ৰদান কৰা এক শপতনামাত অনিল আম্বানীৰ ৰিলায়েন্স টেলিকম আৰু ৰিলায়েন্স কমিউনিকেচন লিমিটেডৰ নামত থকা বেংক একাউন্টত মাত্ৰ ১৯ কোটি টকাহে আছে৷ আমেৰিকান টাৱাৰ ক’ৰ্পৰেচনে ৰিলায়েন্সৰপৰা পাবলগীয়া কেইবা কোটি টকাৰ বকেয়া নিদিয়াৰ বাবে কোম্পানীটোৱে দিল্লী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু তৰে৷ এই গোচৰৰ শুনানি কালত ৰিলায়েন্সে আদালতক জনোৱা মতে তেওঁলোকৰ মুঠতে ১৪৪ টা বেংক একাউন্ট আছে যদিও সমুদায় একাউন্টৰ জমা ধন মাত্ৰ ১৯ কোটি টকাহে৷

এই ১৪৪ টা একাউন্টৰ ভিতৰত ৰিলায়েন্স টেলিকমৰ মুঠ একাউন্টৰ সংখ্যা ১১৯ টা আৰু এই একাউন্টসমূহত থকা ধনৰ পৰিমাণ ১৭.৮৬ কোটি টকা৷ আনহাতে, ৰিলায়েন্স কমিউনিকেচন লিমিটেডৰ মুঠ একাউন্টৰ সংখ্যা ২৫ টা আৰু ইয়াত থকা জমা ধনৰ পৰিমাণ ১.৪৮ কোটি টকা৷