লংকাৰ ভালুকমাৰী বোৱাৰীৰ অনিতাৰ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

লংকাঃ লংকাৰ ভালুকমাৰীত শনিবাৰে নিশা অনিমা দাস নামৰ এগৰাকী বোৱাৰীয়ে পাকঘৰত কাম কৰি থকাৰ সময়ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লবলগীয়া হোৱা ঘটনাই সমগ্ৰ লংকাতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ শংকৰদেৱ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমাৰীৰ মৃণাল দাসৰ পত্নী অনিমা দাস যোৱা নিশা অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আকোৱালি লয়।

অনিমাৰ পিতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছিল৷ তাৰ পিছতে পিতৃয়ে শংকৰদেৱ নগৰ আৰক্ষী তকীত এজাহাৰ দাখিল কৰে অনিতাৰ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে৷ সোমবাৰে আৰক্ষীয়ে স্বামী মৃনাল কান্তি দাস, শহুৰ নিলমনি দাস, শাহু মিনু দাস আৰু নিৰ্মল দাসক গ্ৰেপ্তাৰ কৰে৷ তিনিজনকন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় যদিও স্বামী মৃনাল কান্তি দাসক তিনি দিনৰ আৰক্ষী জিম্মাত দিয়ে। অনিতাৰ পিতৃৰ এজাহাৰৰ ভিত্তীত ৭৯২/১৭ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৪ (B)নং ধাৰাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।