গোৰেশ্বৰ অংকুৰণ শিশু নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি

গোৰেশ্বৰঃ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান অংকুৰণ শিশু নিকেতনে ২৫ বছৰ অতিক্ৰম কৰিলে৷ ০১ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান খনে ৰূপালী জয়ন্তী সমাৰোহ পালন কৰে৷ শুকুৰবাৰে ৰূপালী জয়ন্তী সমাৰোহৰ অন্তিম দিনটোত নিকেতন পৰিচালনা সমিতিৰ সভাপতি ভৈৰৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ভবানীপ্ৰসাদ অধিকাৰীয়ে একাংশ অভিভাৱকে ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপৰ মাজতে সীমাবদ্ধ ৰাখিছে বুলি কায়। পাঠ অধ্যয়নৰ লগতে আমাৰ চৌপাশৰ সমাজখনত কি ঘটিছে, আমি ক'লৈ গৈ আছো তাৰো খবৰ ৰখা ভাল।

ছাত্ৰ ছাত্ৰীয়ে সমাজ অধ্যয়ন কৰাৰ জড়িয়তে নিজৰ লগতে আমাৰ জাতিটোৰ উন্নয়নৰ কথা ভাৱক বুলি কয় অধিকাৰীয়ে৷ সভা উদ্ধোধন কৰে বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে। সভা উদ্ধোধনী কৰি ব্যক্তিগত শিক্ষানুষ্ঠান পৰিচালনা কৰা কঠিন বুলি কৈ বহু ত্যাগ আৰু কষ্টৰ বিনিময়ত কম বেতনত একাংশ শিক্ষকে গুণগত শিক্ষা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি আহিছে বুলি কয়।

মেট্ৰিক পৰীক্ষাৰ পৰা তৃতীয় বিভাগটো উঠাই দিব লাগে, যিহেতু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যঠেষ্ট বাধাৰ সম্মুখীন হৈ আহিছে বুলি যুক্তি প্ৰদৰ্শন কৰে। মুকলি সভাত ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ উন্মোচন কৰে গোৰেশ্বৰ এন আৰ ডি এছ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড০ ৰীতা দেৱীয়ে।

স্মৃতিগ্রন্থ উন্মোচন কৰি ড০ দেৱীয়ে সমাজ অবিহনে সাহিত্য সৃষ্টি হ'ব নোৱাৰে বুলি কৈ অসমীয়া ভাষা সাহিত্য অগ্ৰগতিত ৰামধেনু যুগৰ পৰাই আলোচনীৰ বিশেষ ভূমিকা আছে বুলি কয়। সাহিত্যই যুগ সৃষ্টি কৰে। গোৰেশ্বৰৰ সোণজুৰি নৈ খনক লৈ সাহিত্য সৃষ্টি কৰি গোৰেশ্বৰৰ সু-সন্তান সাহিত্য একাডেমি বঁটা বিজয়ী মেদিনী চৌধুৰীয়ে এটা যুগৰ সৃষ্টি কৰি থৈ গৈছে।

তেওঁলোকক পঢ়া আৰু যুগক আগবঢ়াই নিয়া নতুন প্ৰজন্মৰ দায়িত্ব। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ ড০ হৰিপ্ৰসাদ শৰ্মাইও ভাষণ দিয়ে।শুকুৰবাৰে পুৱা দহ বজাত ৰূপালী জয়ন্তী উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

বেতনা শিক্ষা আৰু কৃষি উন্নয়ণ সংঘৰ সভাপতি অমিন্দ্ৰ নাথে শোভাযাত্ৰা মুকলি কৰে। আনহাতে ১ নৱেম্বৰত ৰূপালী জয়ন্তী উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পন, বৃক্ষৰোপন আদিৰ লগতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু অভিনন্দন অনুষ্ঠানৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মুকলি সভা সমাপ্ত হোৱাৰ পিছতে সাংস্কৃতিক সন্ধিয়াত নীল আকাশে গীতৰ পৰিবেশন কৰিব৷