তিনিচুকীয়াৰ আশ্ৰমপাৰাত অন্নকুট মহোৎসৱ আৰু বৈদিক শান্তি যজ্ঞ

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ মণিৰাম দেৱান পথৰ আশ্ৰমপাৰাত বাংলাভাষী সমাজ আৰু ভাৰত সেৱাশ্ৰম সংঘৰ উদ্যোগত যোৱা ১২ নৱেম্বৰৰ পৰা অন্নকুট মহোৎসৱ আৰু বৈদিক শান্তি যজ্ঞ অনুষ্ঠিত হৈছে৷

এমাহ জুৰি অনুষ্ঠিত হ’বলগীয়া অন্নকুট মহোৎসৱ আৰু বৈদিক শান্তি যজ্ঞ অনুষ্ঠানৰ লগতে শ্ৰীমৎ স্বামী সৰ্বেশানন্দজী মহাৰাজৰ নেতৃত্বত জিলাখনৰ বহু ঠাইত সংঘৰ ভাব-আদৰ্শ প্ৰচাৰৰ লগতে জনহিতৰ কাৰ্যৰ বাবে ১৬ আৰু ১৭ ডিচেম্বৰক মণিৰাম দেৱান পথৰ আশ্ৰমপাৰাত অন্নকুট মহোৎসৱ আৰু বৈদিক শান্তি যজ্ঞৰ আয়োজন কৰা হৈছে৷

সকলো ধৰ্মপ্ৰাণ ৰাইজৰ লগতে শুভাকাংক্ষীক শ্ৰীমৎ স্বামী প্ৰণৱানন্দজী মহাৰাজৰ আশীৰ্বাদ লাভৰ লগতে অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুষ্ঠান পৰিচালনা সমিতিয়ে অনুৰোধ জনায়৷